তথাপিওঁ বহাগ আহিব মনত

Rinku Rajowar
0
চ'ততে কুলিয়ে ইনালে-বিনালে বন
   কেনেকৈ নুশুনিবি সুমধুৰ গান,

নোচোৱাকৈ থাকো নো কেনেকৈ
  ধুনীয়া ধুনীয়া কপৌ - কেতেকীৰ ফুল,

যদিও, ৰোগৰ প্ৰকোপত পৃথিৱী ম্ৰিয়মান
   তথাপি মনৰ একোণত থাকিব  "মােৰ বহাগ" 

চ'তত  বৰদৈচিলা  ধপলিয়াই আহি
  দি গ'ল বাতৰি বহাগ অহাৰ, 
  হিল -দ'ল ভাঙি  মহতিয়াই  গ'ল  
  তৰু - বৃক্ষ  আৰু  আমাৰ জুপুৰিবােৰ ॥

মন বহাগ নাহিলেও -ঋতুৰ বহাগে সোঁৱৰায়,
  কেনেকৈ পাহৰি থাকো বহাগৰ বিহুতি ঐ  ।

একােণত ৰোগৰ ম্ৰিয়মানী  মন -
   ইকোণত বহাগী মন 
শিৰে - শিৰে, দেহে -মনে 
   বহাগে আৱৰা মনবােৰ, কি বুলিনো ঢাকো ?

দোষ নধৰিবি "চৰকাৰ",  বহাগ ঋতুক
   কি বুলি পাহৰো (?)
   সংস্কৃতিৰ বতাহে বা দি যোৱা  অসমীৰ মন ॥

হাজাৰ  সমস্যায়ো উৎসাত কৰিব নোৱাৰে
  অসমীৰ বহাগী মন।

সকলো এৰিলেও বহাগক এৰিব নোৱাৰি
 তথাপিও_বহাগ_আহিব_মনত ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)