মহানায়ক - এটা অবাস্তৱিক ধাৰাবাহিক , খণ্ড - ০৫

©Admin
0

" মহানায়ক " এটা অৱান্তৱিক  ধাৰাবাহিকত কাহিনী এতিয়ালৈকে - জিৰণি ঘৰত মদাহীজনক লগ পাই টাইমপাছ তেওঁৰ লগত সিহঁতৰ ঘৰলৈ যায় ৷ ঘৈণীয়েকৰ আলপৈচান টাইম পাছৰ প্ৰতি বেছি দেখি টাইম পাছছে ভাৱিছিলে এইজনীও লুভীয়া কেটেগীৰিৰ ৷ ৰাতি বাকছটো খুলি চমৎকাৰী ঘড়ী , জোতা আদিৰ পৰিক্ষণ কৰি থাকোতে পোহৰ এচাটিৰ পৰা ব্যক্তি এজন ওলাইছিল 

এতিয়া আগলৈ পঢ়ক -  

আপুনি ককা আপুনি তো….. টাইমপাছ চক খাই ক'লে ককাই ক'লে হয় মোৰ মৃত্যু হ'ল এইয়া যি দেখিছ এয়া মোৰ আত্মা কি ভাৱিছিলা মই ইমান সহজে তোৰ সংগ এৰি দিম আৰু মোৰ বিনা অনুমতিৰে মোৰ বস্তুত হাত দিবলৈ সাহস কৰপৰা ... মাজতে টাইমপাছ কৈ উঠিল ককা আপুনি কিয় মোক এৰি থৈ গুচি গ'লে এতিয়া কোনে মোক এনেদৰে ধমকি দিব কিয় ককা কৈ কান্দিবলৈ ধৰিলে " ককাই ক'লে এয়া মাইকীৰ দৰে কান্দিলেই চুপ মনে মনে থাক

মোৰ নশ্বৰ শৰীৰটো এৰিলো তোক এৰা নাই মই সদায় তোৰ লগত থাকিম কিন্তু তই যে মোক নোসোধাকৈয়ে যে মোৰ বাকচটো খুলি মোৰ আৱিষ্কাৰী শক্তিৰ প্ৰদৰ্শন কৰি আছ " ককাৰ কথা শুনি টাইমপাছ চকুলো মচি মচি " ইহ এতিয়া এই বস্তুবোৰ আপোনাৰ একো কামৰ নহয় আপুনি এটা আত্মা গতিকে মই এই শক্তিৰে সমাজৰ হিতৈষী কাম কৰিম " ককাই মিচিকিয়া হাঁহি মাৰি " মই জানিছিলোঁতই এটা ভাল ল'ৰা গতিকে এই শক্তিত তোৰ অধিকাৰআছে মই তোক শক্তিখিনি সমাজৰ ভালৰ কাৰণে ব্যৱহাৰ কৰিবলৈ অনুমতি দিছো কিন্তু এটা কথা মনত

ৰাখিবি দুষ্টলোকৰপৰ এই শক্তিৰ ৰহস্য গুপ্ত ৰাখিবি যোৱা মোৰ আশিস আছে সমাজত পাপৰ পৰিমাণ বহুত বৃদ্ধি পাইছে চোৰ ডকাইত , অন্যায় অত্যাচাৰ , বলাৎকাৰ আদি পাপৰ নাশ কৰি শান্তি স্থাপন কৰিবি দুখীয়াৰ দুখ মোচন কৰিবি অ আৰু এটা কথা বৰ্তমান

বিশ্বত কৰ'না নামৰ ভাইৰাছ এটাই আতংকৰ সৃষ্টি কৰিছে চাৰিওপিনে হাহাকাৰ মৃত্যুৰ নগ্ন তাণ্ডৱ চলাইছে দষ্ট কৰ'নাই তাৰ কাৰণে মানৱজীৱনৰ অস্তিত্ব সংকটত তাৰ ভয়ত দেশে দেশে লকডাউন ঘোষণা কৰিবলগা হৈছে যাৰ ফলত দুখীয়া দিনহাজিৰা কৰা মানুহখিনি ভোকত দিন কটাইছে তই সোংকালে কিবা এটা উপায় ওলাই মানুহক ৰক্ষা কৰা মই আহিলো বুলি কৈ যাবলৈ লওঁতে টাইমপাছে কৈ উঠিল কিন্তু কৰ'নাক কেনেকৈ নষ্ট কৰিম শুনা মতে কৰ'না এটা ডেঞ্জাৰাছ ভাইৰাছ যি কাৰোবাৰ গাত লম্ভিলে একেবাৰে মৃত্যুৰ দুৱাৰদলিত পোৱাইগৈ মই….

ককাই ক'লে সেইয়া তোৰ সমস্যা আৰু তই এতিয়া সাধাৰণ ল'ৰা নহয় তই মহানায়ক তোৰ শক্তিৰ আগত:সকলো দুষ্ট মানৱ শত্ৰু একেবাৰে তুচ্ছ গতিকে মোৰ আশিৰ্বাদ আছে যোয়া আৰু কিবা অসুবিধা হ'লে চকু বন্ধ কৰি মোক মনত পেলাবা বিদায় এইবুলি কৈ ককা অন্তৰ ধ্যান হ'ল ৷ককা যোৱা পাচত টাইমপাছ একেথিৰে বস্তুকেইটালৈ চকু ফুৰাই থাকিল ৷ ৰাতিপুৱা সোংকালে শুই উঠি

তৈয়াৰ হৈ টাইমপাছ যাবলৈ ওলাল এনেতে ৰঞ্জিতৰ ঘৈণীয়েকে আগভেটি ধৰি ক'লে কলৈ যোৱা আমাক ভাগ নিদি গোটেইবোৰ ধন অকলে লব বিছাৰিছা মোৰ নাম উৰ্মিমালা ইমান সহজে এৰি নিদিওঁ " টাইম পাছে ক'লে ক্ষমা কৰিব এইয়া মোৰ ককাৰ সম্পত্তি কাকো:নিদিওঁ মোক যাবলৈ দিয়ক এইবুলি কৈ যাবলৈ লওঁতে

পাছফালৰপৰা মদাহীজনে মাত লগালে অ যা যা দেশত লকডাউন গাড়ী নাই ঘোঁৰা কেনেকৈ যাবা আৰু ৰাস্তাত পুলিচ ববাকচত ইমান সম্পত্তি যা যা কৈ হাঁহিবলৈ ধৰিলে দুয়ো গিৰিয়েক ঘৈণীয়েক ৷ টাইমপাছে মনতে ভাৱিলে কথাটো হয় বাৰু যদি এই বাকচ পুলিচৰ হাতত পৰি যায় তেন্তে হ'ল আৰু সকলো মাটিত মিলি যাব নাই নাই লকডাউন নোঠালৈকে এই লুভীয়া কেইটাৰ লগতে সময় কটাব লাগিব সি মিচিকিয়া হাঁহি মাৰি ক'লে মই যোৱা নাই  নহয় মই ভাবিলো সম্পত্তিখিনি মহাজনক বেচি টকা খিনি সমানে ভগাই লম আপোনালোকে কি ভাৱিছে মই ইমান স্বাৰ্থপৰ নে যিয়ে অচিনাকি এটাক থাকিবলৈ ঘৰ দিলে ইমান মৰম দিলে তাক মই কেনেকৈ পাহৰিম

মই মোৰ ফালৰপৰা কেইটকামান বেছিহে দিম " তাৰ কথাত ভোলগৈ আনন্দত আত্মাহৰা হৈ ক'লে বলা বলা ভিতৰলৈ বলা কৰ'না মহামাৰী লম্ভিব এইবুলি কৈ সিহঁত ভিতৰলৈ সোমাল ৷ উৰ্মিমালাই ক'লে সোণটো বহাচোন মই গৰম গৰম ভাত ৰান্ধি থৈছো মাছৰ টেঙাৰ সৈতে এইবুলি কৈ গুচি গ'ল টাইম পাছে তাইৰ যোৱাৰ পিনে চাই চাই মনতে ভোৰভোৰালে " ৰ' ৰ' মজা পাবি লকডাউনলৈকে তহঁতৰ লগত , এতিয়া মই কৰ'না ভাইৰাছৰ কেনেকৈ অন্ত পেলাব পৰা যাব সোংকালে কিবা উপায় উলিব লাগিবই নহলে মানৱ জগতৰ এই পৃথিৱীৰপৰা অস্তিত্বই নোহোৱা হব ৷

                  আগলৈ

         📝ভাস্কৰ কায়স্থ                                              সহযোগী দুলাল ৰবিদাস 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)