এইবাৰ ব'হাগ

Rinku Rajowar
0
মুকলি আকাশত উৰিছে
নিস্তবদ্ধতাৰ কৰুণ হৃদয়
প্ৰতিবন্ধকতা
চাৰিওদিশে....
আগৰ দৰে 
এইবাৰ আকৌ আহিছে বহাগ
গছৰ বিৰিখে বিৰিখে
ন- কুঁহিপাত মেলিছে
নাহৰ-তগৰ ফুলেও
ঋতুৰাজ বসন্তক আদৰিবলৈ
মন মেলিছে...
শিমলু গছৰ ওখ ডালত
কুলি -কেতেকী বিননি
আলি মূৰৰ কপৌফুল পাহি
দিছে বহাগ অহালৈ আগজাননী...
     
এইবাৰ বহাগত
দেখা নাপাম...
স্তমিত সূৰুষৰ ৰাঙলী আভাষ
ঢোল,পেপা গগনাৰ মাতে
আপোন বিহুয়তীক
উন্মনা নকৰে হিয়াত...
ধৰণীৰ বুকুত প্ৰকৃতিৰ 
ৰূপে .. 
হেপাহৰ বহাগৰ বিহুটি
নাহিব...এবুকু জেতুকা বুলীয়া হৈ...

📝নৃপেন ৰাজোৱাৰ, নাজিৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)