বহাগীৰ আদৰণি

শীতে আধলী দিয়া

গছৰ পাত বোৰ

ন-কৈ ফুঠি উঠিছে

ধুলি মাকটিৰে ঠৰঙা গছজোপা

সেউজী হৈ উঠিছে ।


সেউজী ধৰাৰ সুভাষত

কেতেকী, মালতী,

নাহৰ, তগৰ, কপৌ আদি

শতপুষ্প‌ই মুঞ্জৰি উঠিছে।


গছৰ ডালত পৰি কুলিটিও

কুহুকি বসন্তৰ গীত গাই ,

নিজান দুপৰত ঢোলীয়াই

ঢোল বাই ,

চেনেহীক মাতিছে ৰিঙিয়াই ।


মাহ হালধীৰে কাজলী জনীক

নোৱাব ধোৱাব,

আহত জোপাৰ তলত

বিহুটি পাতিব ,

বহাগী নাচনীয়ে ঢোলৰ চেওত

ককাঁল ভাঙিব ,

বিহুটিক আদৰী সাদৰীয়ে

পিঠা পনা ভাজিব ।


বৌতিয়ে তাঁতৰ শালত

কাপোৰ লগাইছে

চেনহৰ বিহুটি পদূলিত

পদধূলা দিছে ,

বসন্ত‌ই আগবাঢ়ি

আদৰি আনিছে ।


📝নবীন চন্দ্ৰ কুৰ্মী






Post a Comment

Previous Post Next Post