বগেজাৰী , এক অনুপম লোককৃষ্টি -০৩

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা 
   সদ্য বিবাহিতা ন -বোৱাৰীক শহুৰেক শাহুৱেকে পহিল চৰে ডাকতে শুই উঠি বাহি চোতাল সাৰিবলৈ উপদেশ দিছে , কিয়নো বাহি চোতালত ভৰি দিলে আয়ুস ক্ষয় হয় বুলি লোকবিশ্বাস আছে  |    ৰাভা সম্প্ৰদায়ৰ মাজত মদৰ প্ৰচলন বহুলভাবে আছে | সামাজিক পূজাপাৰ্বন , বিবাহ উচব , শ্ৰাদ্ধ আদি বিভিন্ন সকাম নিকামত মদন প্ৰচলন অৱশ্যম্ভাৱী | ৰাভা সমাজত বকা-মদ বা কেঁচা-মদ ফটিকা -মদ বা পকা-মদ এই দুবিধ মদৰ প্ৰচলন আছে | বকা-মদ পনীয়া হলে গৰামদ বুলি কোৱা হয়  | গৰামদ পানী ঢালি দুদিনমানৰ পিচত ফটিকা বা পকা মদ তৈয়াৰ কৰা হয়  | পকা মদ তৈয়াৰ কৰাৰ পিছত পেলনীয়া জুগুলিখিনি গাহৰিৰ সু-স্বাদু আধাৰ বা খাদ্য হয়  | 
      জনজাতি ৰাভা সমাজত বয়োজ্যেষ্ঠ পুৰুষ-মহিলাই মদ্যপান কৰাতো কোনো সামাজিক বাধা নাই  | মদ্যপানত আসক্ত কোনো বাই-ভনীয়ে দোভাগ ৰাতি পানীঢলা গৰামদ বিচাৰি ওলাইছে----
চ বাই , চ বৈনী 
যাং দোভাগ ৰাতি ,
পানী ঢলা গৰা -মদ
খাম একং বাতি ,
বিচি সময় নাথাকং
ছানা -পকা দাতি   ||
কিন্তু ৰাভা সমাজত মদৰ উতপত্তি আৰু প্ৰচলন সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য তথ্য পাবলৈ নাই  | এফাকি বগেজাৰী গীতত মাথো উল্লেখহে পোৱা যায় এনেদৰে-
বগেজাৰী মৰি গেল 
জীয়াই ৰহিল মদ
মদ খাই কলিজা ফাটে 
দেহাৰ হেৰাই তত |
মদ্যপান অসমৰ জনগোষ্ঠীয় সংস্কৃতি , সকলোৰে উমৈহতীয়া সংস্কৃতি | কিন্তু অত্যাধিক মদ্যপানে দেহৰ অনিষ্ট সাধন কৰিব পাৰে তাৰে এটা স্পষ্ট সকিয়নী আছে উল্লিখিত গীতফাঁকিত |
আগলৈ ----

           📝হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)