কি ল'ৰাহে তুমি

Rinku Rajowar
0
      ৰিণ্টু---
   কি দুৰ্দান্ত ল'ৰাহে তুমি
   কিহৰ তাড়নাত
   তোমাৰ স'তে চিনাকি মোৰ |

   তোমাৰ স'তে
   সংযোগ ঘটা দিনাাৰ পৰাই
   তুমি মোক লৈ ফুৰিছা
   এখন অদেখা বিশ্বৰ 
   প্ৰান্তে প্ৰান্তে  |

   আৰু আন দহজনক
   দেখুৱাই দিছা
   এখন অনন্য জগত  |

   য'ত উৰি ফুৰিছে মোৰ
   বিকশিত কবিতা , প্ৰবন্ধ
   আৰু অসাৰুৱা কথা  |

   কলৈ লৈ গৈছা মোক
   আৰু কি কৰিবা কোৱা  |

   কি দুৰ্দান্ত ল'ৰাহে তুমি
   মই যে 
   নিচাত আসক্ত এতিয়া
   সেয়া তোমাৰ নিচা  |
( মৰমেৰে ৰিণ্টু কুৰ্মীৰ হাতত)

       📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)