প্ৰিয়তমা শকুন্তলা

Rinku Rajowar
0
কি বুলিনো লিখো আজি ঋষি কন্যা । তথাপি অন্তৰৰ নিভৃত ক্ষেত্ৰৰ পৰা এই দুৰ্ভগীয়া দুষ্যন্তই  সুধিছো তোমাক আজি… কেনে আছা তুমি…? আছানে কুশলে তুমি ? শকুন্তলা……মোৰ প্ৰাণৰ পুতলী। 
         আশ্ৰমৰ নৈসৰ্গিক ছবি, বৰণীয়া ফল, ফুল চৰাইৰ মধুৰ সংগীত, চঞ্চলা নিজৰাৰ কুলু কুলু ধ্বনি, হৰিণ হৰিণিৰ নিৰ্দোষ ধেমালীবোৰ চাই চাই অতি বিষণ্ণতাৰে পাৰ কৰিছা ছাগে এৰি অহা সময়!
      আৰু মই……! কি জানা…?মই যেন যাযাৱৰী পথিক।তোমাৰ মৰমৰ উপবনত হেৰাল মোৰ জীৱনৰ ঠিকনা। শকুন্তলা……!  আবেলিৰ বতাহজাকত  এতিয়াও পাওঁ তোমাৰ চুলিৰ সেই চিনাকী সুৱাস। মৰম আকলুৱা যেন ঠুনক- ঠানাক তোমাৰ কথাবোৰ বাজি উঠে কাণত। তথাপি যেন অপাৰগ মোৰ স্মৃতিৰ ভাণ্ডাৰ। ক'ত কিয় হেৰুৱালোঁ তোমাক।
               মই জানো…।আশ্ৰমৰ মধুৰ বতাহে এতিয়া উতলা নকৰে তোমাৰ হিয়া। উদাস ,অৰুচি আৰু অনিদ্ৰাৰে ভাৰাক্ৰান্ত তুমি এক আহত চগা। তপোবনৰ প্ৰতি ডাল গছ , লতা, তৃণ আৰু প্ৰতিপাহ ফুলে জানে তোমাৰ কথা । আৱেগ আৰু অভিমানত গোপনে বোৱাইছা কিমান লোতকৰ নিজৰা! কিমান উজাগৰি নিশা। জানো……শকুন্তলা……! তোমাৰ অজানিতে পাৰ হয় প্ৰতিটো ঋতু।সুললিত পক্ষীৰ কাকলিয়ো আঁতৰাব নোৱাৰে তোমাৰ বুকুৰ বিষাদৰ গ্লেচিয়াৰ।
              ভুল নুবুজিবা শকুন্তলা…। মোৰ কোনো ভুল নাছিল শকুন্তলা। সকলো যে বিধিৰ বিধান। উদ্ধাৰ কৰিছো আজি মই দিয়া মৰমৰ দান ।মনত পৰিছে সকলোবোৰ মোৰ। এটি এটি কৰি ভাঁহিছে অতীতৰ প্ৰতি মূহুৰ্তৰ একোখন মধুৰ ছবি……।কাণত বাজি আছে সেই পৰ্ণ কুটীৰৰ খিল্ খিল্ হাঁহিৰ উচ্চল ধ্বনি।
             ভুল তোমাৰো নাছিল শকুন্তলা। ভুল নাছিল তোমাৰ…… তপস্বীৰ আঁজলী ৰূপহী কন্যা। হয়তো ভুল মোৰো নাছিল……। অভিশপ্তা তুমি ঋষি কন্যা। তুমি মেনকাৰ তনয়া । বিধাতা সন্তোষ্ট নাছিল সিদিনা। হয়তো সেই বাবেই আমি হেৰুৱালোঁ আমাক।
                     তথাপি শকুন্তলা……! মই সেই তোমাৰ দুঃষ্যন্ত হৈয়ে আছো আজিও। আৰু তুমি বাৰু… তুমি হৈ আছানে শকুন্তলা…? কিমান দিন যে পাৰ হৈ গ'ল……
ঋতু আহিল ঋতু গ'ল…। কিমান টা বসন্ত পাৰ হৈ গ'ল তোমাৰ আশ্ৰমৰ ওপৰে।কিমান বাৰ ফুলিল কিমান বাৰ সৰিল কুটীৰ শোভাশিত গুটিমালি, খৰিকাজাই…।
                 ঘৃণাৰে ওপচাই নেপেলাবা মোক তুমি শকুন্তলা…।  এবাৰ …… মাথোন এবাৰ…… মাতিবা তুমি শকুন্তলা… মোক আৰ্য্যপুত্ৰ বুলি! কথা দিয়ামতেই ৰাখিম কথা ।পলম হ'ল যদিওবা। আৰম্ভ কৰিম নৱ- ভাৰতৰ অন্য এক  নৱ -প্ৰভাত।
                                          
  ইতি
তোমাৰ প্ৰিয়তম
 …… দুঃষ্যন্ত

📝 প্ৰবিন দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)