মিৰ্জাৰ শ্রীশ্রী নিৰ্জেশ্বৰী থান-০১

Rinku Rajowar
0
প্ৰাচীন কামৰূপৰ আৰম্ভ কৰি আজিৰ দিনটোলৈ কামৰূপত পূজা পাতলৰ প্ৰাদুৰ্ভাব অধিক বুলি ভাবৰ থল আছে | তাৰবাবেই ইয়াত বিভিন্ন প্ৰকাৰৰ মন্দিৰৰ সংংখ্য অধিক | অসমীয়াত এষাৰ কথা যে আছে বাৰটা মাহত তেৰটা পূজা সেই কথাৰ ইয়াত সঁচা বুলিয়েই ক'ব পাৰি | আনহাতে আকৌ বিভিন্ন লোক সংস্কৃতিৰ মেটমৰা সম্ভাৰো বিদ্যমান  | সেইফালৰ পৰা এই অঞ্চল চহকী | ইয়াৰ লগতে দক্ষিণ কামৰূপ অঞ্চলো চহকী | গৌৰৱৰো থলী | দক্ষিণ কামৰূপ অঞ্চলৰ এক পৰিচিত ঠাই মিৰ্জা | মিৰ্জানাথনৰ নাম অনুসৰি এই অঞ্চলটোৰ নাম মিৰ্জা হয় বুলি মানুহে কয় আৰু সেই নামেৰে আজিও প্ৰসিদ্ধ | এই সৰু চহৰখনৰ গাতে লাগি আছে এটা পাহাৰ নাম মালিয়াটা | ইয়াৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে | ইমান পুৰণি এই চহৰখন আজিও কোনো নগৰ সমিতি অথবা পৌৰসভাৰ অধিন হোৱা নাই | বৰ্তমানেও গাঁও পঞ্চায়তৰ অধিনতে শাসন ব্যৱস্থা পৰিচালিত হৈ আহিছে | মিৰ্জা চহৰৰ পৰা প্ৰায় এক কিঃমিঃ পূৱত অৱস্থিত এক ইতিহাস.প্ৰসিদ্ধ এটা মনসা মন্দিৰ অৱস্থিত | এই ইতিহাস প্ৰসিদ্ধ মন্দিৰটোৰ নাম স্থানীয় ৰাইজে নিজেশ্বৰী অথবা নাককাটি ৰাখিছে | এই মন্দিৰটো এখন শক্তিশালী পৰিচালনা সমিতিৰ দ্বাৰা পৰিচালিত হৈ আহিছে | এই মন্দিৰটোৰ নাম কিয় নাককাটি অথবা নিজেশ্বৰী হ'ল তাৰ কিছু কিংবদন্তী আছে | 
    সু দৃশ্য চালে চকু ৰোৱা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ পৰিবেষত সুবিশাল অঞ্চলেৰে আবৰা ঠাইত অৱস্থিত এই মন্দিৰ | সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিবেশ ,কাষেৰে কুলুকুলু সুৰেৰে বৈ যোৱা এটা নিজৰাৰ ধ্বনি অহৰহ শুনিবলৈ পোৱা যায়  | আগলৈ ----

  📝হেমেন হাজৰিকা 
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)