কাম্বাং (খণ্ড-০১)

©Admin
0
আমাৰ মানুহৰ মৌলিক প্ৰয়োজনৰ ভিতৰত এবিধ হৈছে কাপোৰ অথবা বস্ত্ৰ  ৷ কাংবাং শব্দটো ৰাভা ভাষাৰ শব্দ  ৷  কাংম্বাং বা কাম্বুং হৈছে ৰাভা জাতীয় পৰম্পৰা তথা সংস্কৃতিৰ আৰ্হিত নিৰ্মিত এবিধ কাপোৰ  ৷ এই কাংম্বাং কাপোৰখন ৰাভা তিৰোতা অথবা গাভৰু ছোৱালী বিলাকে নিজৰ বুকুখন ঢাক খোৱাকৈ মেৰিয়াই লৈ পিন্ধে  ৷ 
কাংম্বাংখন আমাৰ অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ নিচিনা ৰিহা কাপোৰৰ সদৃশ  | ইয়াৰ উপৰিও ৰাভা মহিলা সকলে বা যুৱতী সকলে পৰিধান কৰা বস্ত্ৰ বা কাপোৰ সমূহ হৈছে ----ৰূফান বা ৰিফান বা পাতানি ( মেখেলা) খদাবাং বা খপ্ৰং ( পাগুৰী ) , বক্ চিল বা বক্ চালি ( চুটি হাতৰ চোলা ) আংচা ( চাদৰৰ নিচিনা বস্ত্ৰ ) আদি ৰূফান বা পাতানি  দুই ধৰণৰ আছে  দ 
( ক) ডাঙৰ পাতানি আৰু (খ) ছোট পাতানি , অৰ্থাত ডাঙৰ মেখেলা আৰু সৰু মেখেলা  তিৰোতা বা ছোৱালী বিলাকে বুকু ঢাক খুৱাই  যি কাপোৰ পিন্ধে তাকে ডাঙৰ পাতানি বোলে আৰু সেই পাতানিখনকে যদি দুয়োমুৰ লগ লগাই চুঙাকৃতি কৰি চিলাই কৰি লৈ পিন্ধে তাক ডাঙৰ মেখেলা বোলা হয়  ৷ আকৌ সৰু ছোৱালী বা কোনো নাৰীয়ে কঁকালত কাপোৰৰ দুই মূৰ লগ নকৰাকৈ পিন্ধে তাক ছোট পাতনি বোলে  | দুই মূৰ লগ লগাই চুঙাকৃতিৰ কৰি পিন্ধিলে তাক ছোট মেখেলা বুলি  কোৱা হয়  ৷ মেখেলাত বিভিন্ন ফুল তুলি শিপিনীয়ে কাপোৰত সপোন ৰচে  | যেনে লোৱা ফুল , টুপকা ফুল , মাখি ফুল , মাখি মাখা , ডাঙা পাৰুক , বিকি চুৰি ইত্যাদি  ৷
আগলৈ---
        
📝হেমেন হাজৰিকা
                  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)