আধৰুৱা প্ৰেম কাহিনী - সত্যমৰ জীৱনী,খণ্ড - ০৭

©Admin
0

সত্যম বাৰাণ্ডাত চকী এখনত বহি একেলেথাৰিয়ে আকাশখনলৈ চাই আছে ইতিমধ্যে সূৰ্য্যটো পশ্চিম দিশত পদাৰ্পণ কৰিছেহি ৷ এনেতে দিবাকৰৰ মাকে চাহ লৈ আহিল পিছে পিছে দিবাকৰ বিস্কুটৰ ট্ৰটো লৈ আহিল দিবাকৰে সত্যমলৈ চাই " হেল্ল ব্ৰো কি ভাৱি আছে চাহ আহিল বিস্কুট লওক " সত্যমে দিবাকৰলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি ট্ৰেখনৰ পৰা দুখন বিস্কুট ললে দিবাকৰৰ মাকে আগবঢ়াই দিয়া চাহকাপ লৈ চাহ খোৱাত ব্যস্ত হ'ল ইতিমধ্যে মি ৰাজুও আহি চাহ খোৱাত যোগ দিলেহি ৷ 

দিবাকৰে চাহত বিস্কুট এখন তিয়াই মুখত ভৰাই " সত্যম দা সৌ সিদিনাখন যে আপুনি আপোনাৰ জীৱনৰসফলতাৰ কাহিনী কবলৈ লৈ আকৌ নকলেই যে আজি কিন্তু শুনাবই লাগিব কওক না কওক " দিবাকৰৰ মাক দেউতাকেও অনুৰোধ কৰিলে সত্যমে দীঘলীয়া উশাহ এটা টানি চকীখনত ভালকৈ বহি লৈ " মোৰ জন্ম হোৱাৰ পিছমুহূৰ্তত মই মাতৃহীন হ'লো দেউতাই উপাই নাপায় মোৰ লালন- পালনৰ বাবে  মাহীমা এগৰাকী বিয়াপতালে ৷ প্ৰথম অৱস্থাত মাহীমাকৰ স্বভাৱ চৰিত্ৰ বহুত ভাল আছিল কিন্তু সময়ৰ পৰিবৰ্তনৰ লগেলগে মাহীমাকৰ স্বভাৱতো পৰিবৰ্তন আহিল ইতিমধ্যে মই পঞ্চম বছৰত ভৰি দিছিলোঁহি স্কুলৰ পৰিৱেশত পদাৰ্পণ কৰিলোঁ লাহে লাহে নিজকে স্কুলৰ পৰিবেশৰ লগত নিজকে খাপ খোৱাই ল'লো পঢ়াশুনাৰ প্ৰতি মোৰ ৰাপ দেখি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মোক ভাল পাবলৈ ল'লে এইফালে ঘৰত মোক লৈ নিতৌ নতুন কাজিয়াৰ সৃষ্টি হৈছিল কাৰণ ইতিমধ্যে মাহীমাকৰ দুটা পুত্ৰ সন্তান জন্ম পাইছেহি মাহীমাকে সিহঁতক খেলাবলৈ মোক বাগানলৈ নিব বিচাৰে কিন্তু দেউতাই এই কথাত অমান্তি আছিল আৰু দেউতাই কৈছিল ল'ৰাটো চকুৰে ভালকৈ মনিবই নোৱাৰে বাগানলৈ কেনেকৈ যাব যদি বাগানৰ নলা নৰ্দমাত পৰি দুখ পাই যদি আৰু ল'ৰাটো পঢ়াত ভাল বুলি শিক্ষকসকলৰপৰা খবৰ পাইছোঁ গতিকে সত্যম পঢ়িব " দেউতাৰ এই কথাৰ উত্তৰত মাহীমাকে হাঁহি মাৰি কৈছিল যে " বৰ চাহাবটো হব পঢ়ি লিখি বাগানতে কোৰ মাৰিব লাগিব আৰু নহলে ভিক্ষা কৰি খাব লাগিব এই কণাটো আৰু কিনো কৰিব পাৰিব তাতকৈ ভাল মোৰ ল'ৰা দুটাক ভালকৈ পঢ়াম এদিন ডাঙৰ মানুহ হৈ এই কণাটোকও দুমুঠি দুবেলা খোৱাব " কিন্তু দেউতাই কোনোপধ্যে মান্তি নহল আৰু মোক পঢ়ালে ৷

দেউতাৰ সহায়ত আজি মই এই পৰ্যায়ত আছোঁ ৷দই নৱম শ্ৰেণীত পঢ়ি থাকোতে মোৰ জীৱনত প্ৰথম জনী ছোৱালী প্ৰৱেশ কৰিলে কেনেকৈ কওঁ শুনা 

( বাকী অংশ অহা সপ্তাহলৈ আজিৰ দিনটোলৈ অপেক্ষা কৰক )


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)