হেৰুৱা অতীত

©Admin
0
গতিশীল সময়ৰ পম খেদি,
পাৰ হ'ল জীৱনৰ সোণালী দিনবোৰ ।
আশা ভৰশা নিৰাশাৰ সন্ধিৰে
ভৰি দিলোহি যৌৱনৰ তলীত,।
সমনীয়াৰ লগত কৰা ধেমালি,
পখিলাৰ পাছ খেদা,
কাগজৰ নাও খেলা ,
আম জাম বিচাৰি ,
 টলং টলং ঘূৰি ফুৰা ,
নৈৰ বালিচৰত বালিঘৰ সজা ,
সময়ৰ সোঁতত উটি যোৱা 
এইয়া যেন এতিয়া দুস্ৱপ্ন ।
এই দিনবোৰৰ নাই ওভতনি
স্মৃতিৰ গোপন কোঠাত ই আৱদ্ব ।
অতিত এতিয়া স্মৃতিহে মাথো ।
                               
   📝নৱীন চন্দ্ৰ কুৰ্মী
    বৰপাম, চতিয়া)                         
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)