বৰদৈচিলাত এক উপলব্বিৰ দস্তাৱেজ

Rinku Rajowar
0
অসমৰ ইমূৰে-সিমূৰলৈ এতিয়া ধুমুহাৰ তাণ্ডৱ৷ মানুহে বু-বু, বা-বা কৰিছে– যদিও আগতীয়াকৈ আহি গ'ল বৰদৈচিলা৷ গোটেই বিশ্বত কৰোনা ভাইৰাছৰ দৰে আতংকময় পৰিস্হিতিত জন-সমাজে অত্যন্ত ভয়-ভীতিৰ মাজত জীৱন অতিবাহিত কৰিছে। আনহাতে আন একাংশ সামাজিক মাধ্যমবোৰে বিভিন্ন চেনেলৰ যোগেদি আকাশমণ্ডলীৰ পৰা এক ভয়ংকৰ উল্কা পিণ্ড প্ৰকৃতিৰ বুকুলৈ চোঁচা লৈছে আৰু সেয়া ২৯ এপ্ৰিলৰ দিনাখন পৃথিৱীত পৰাৰ সম্ভাৱনা আছে। আকৌ কিছুমানে কয়, ২০২০ বৰ্ষটোও আমাৰ বাবে শুভ নহয়। কাৰণ ২০২০ বৰ্ষৰ পহিলা জানুৱাৰীটোও গ'ল ক্যা' বিৰোধী আন্দোলন কৰি-কৰি। এনেবোৰ ভয়-ভীতিত ২০২০ বৰ্ষটো পাৰ কৰিব লাগিব বুলি একাংশ সচেতন মহলে অনুধাৱন কৰে। যোৱা বৃস্পতিবাৰ শবে বৰতাৰ নিশা অসমৰ বিভিন্ন প্রান্তত ধুমুহাই তচনচ কৰি থৈ গ'ল৷ লকডাউনৰ সময়ত ঘৰতে বাসৰপাতি থকা জটিল সন্ধিখনত চাকৰিয়াল সকলে যদিওঁ দুই এসাজ পেট ভৰাই খাব পাৰিছে কিন্তু আয় ৰোজগাৰ বন্ধ হোৱাত দৰিদ্ৰ জনতাৰ বাবে এইসময় খিনি অতি কষ্টৰে পাৰ কৰিবলগীয়া হৈছে। তেনেস্হলত হঠাৎ বৰ-দুপৰীয়া আগমন ঘটিল বৰদৈচিলাৰ। 

গোটেই অসমৰ দৰে বৰদৈচিলাৰ প্ৰকোপে আমাৰ এলেকাতো কৰি গ'ল বৃহৎ ক্ষতি৷ থেকেচি থৈ গ’ল দৰিদ্ৰতাৰে ভৰপূৰ আমাৰ সমষ্টীখনকো৷ হো হো কৈ বতাহৰ শব্দ হ’ল৷ চিঞৰ-বাখৰ লগালে চৰাই-চিৰিকটিয়ে৷ পঁজাঘৰ-অট্টালিকা সকলোৰে পৰা উৰি আহিল মানুহৰ হাহাকাৰ৷ চিৰাচৰিতভাৱেই নুমাই গ’ল বিজুলীবাতিবোৰ৷ ধুমুহাৰ এই অঞ্চলবোৰ বুৰ গ’ল আন্ধাৰত৷ অ’ত-ত’ত বাগৰি পৰিল গছ৷ ক’ৰবাত উৰি গ’ল ঘৰৰ মূধচ৷ অৱশেষত বৰ কষ্টেৰে ধুমুহাই বোকোচাত লৈ আহিল বৰষুণ৷

 ঘৰৰ মুখৰে মুকলি ঠাইত খেলি থকা কণমানি এজনীয়ে আন এজনীক ধুমুহাৰ জন্ম কথা কৈছে৷ বতাহ অহাৰ কাৰণ কি তাকে কৈছে৷ স্কুলত শিকাইছে চাগে’৷ তাকে কাণপাতি শুনিছোঁ৷ কোৱা শুনিলোঁ– ‘কম চাপৰ ঠাই এটুকুৰা হৈছে বুজিছ৷ তাৰ চাৰিওফালে আকৌ বেছি চাপৰ ঘেৰ এটা হৈছে বুজিছনে? সেইকাৰণেই ইমান শব্দ কৰি বতাহ আহিছে৷’ 

দ্বিতীয়জনীয়ে তেতিয়া সুধিছে– ‘বাৰু কচোন, বতাহ আহিলেই বাৰু বৰষুণ হ’বনে?’ ছোৱালীজনীৰ চিন্তাৰ ধৰণ দেখি সন্তোষ নোহোৱাকৈ থাকিব নোৱাৰিলো। তাইৰ মন এক ধুমুহাৰ দৰেই লাগিল তাইৰ চিন্তাৰ বাটটো৷ কিবা উত্তৰ আহে বুলি অলপ বাট চালোঁ৷ শেষত প্রথমজনী ছোৱালীয়ে বিজ্ঞ এজনীৰ দৰেই উত্তৰ দিলে– ‘সেই বিষয়ে মোৰ হাতত তথ্য নাই৷’ তাই যদি স্কুলৰ কোনো শিক্ষক-শিক্ষয়িত্রীৰেই অনুকৰণ কৰিও কৈছে সেয়া জনাৰ উপায় নাই৷ কিন্তু তাই যি কৈছে সেয়াইতো বিজ্ঞান মনস্কতাৰ বাট৷ প্রথমতে সংগ্রহ কৰিব লাগিব তথ্য৷ সকলো সিদ্ধান্ত হ’ব লাগিব– হাতত থকা তথ্যৰ ভিত্তিতহে৷ সেয়ে হৈছে সিদ্ধান্ত লোৱাৰ সেন্দূৰীয়া বাট৷ উপযাচি গৈ এইবাৰ ময়েই বুজাই দিলোঁগৈ৷ 

কণমানি দুজনীক বুজাই থাকোঁতেই এটা উপলব্ধি আহিল মনলৈ৷ এই যে বতাহে মাজে মাজে বৰষুণ আনে বা আনিবলৈ সফল হয় তাৰ আঁৰতে থাকে প্রকৃতিৰ একান্ত সাধনা৷ আনফালে বৰষুণ মানেইতো জীপাল মাটি৷ নিজৰ ভৰত দো-খোৱা নদন-বদন শইচৰ পথাৰৰ বুনিয়াদী স্বর্তৰ পূৰণ৷ ধুমুহাই ধবংসৰ পোহাৰ মেলিয়ে ক্ষান্ত থাকিব পাৰিলেহেঁতেন৷ কিন্তু সাধনাৰে প্রকৃতিয়ে বৰষুণো আনিলে৷ পথাৰলৈ শইচৰ সম্ভাৱনা আনিলে৷ ভাঙি পুনৰ গঢ়াৰ অনুপম নিদর্শন এয়া৷ মোৰ এনে লাগিল যে ছোৱালী দুজনীৰ কথা-বতৰাৰ আঁৰৰ বিজ্ঞানমনস্কতা আৰু প্রকৃতিৰ সাধনাৰ নমুনা– এই দুয়োটাই উৎকৃষ্ট পাঠ হ’ব পাৰে জাতিটোৰ৷ 

সাম্প্রতিক সময়ত জাতি বা দেশগঢ়া প্রক্রিয়াৰ অন্যতম চালিকা দর্শন হৈছে বিজ্ঞান-মনস্কতা৷ যুক্তি আৰু তথ্যৰ ওপৰত নির্ভৰশীলতা৷ লগতে থাকে সকলো কু-সংস্কাৰক চেৰাই যোৱা এটা মুকলি মন৷ সলনিৰ সোঁতৰ বাবেই অহৰহ নতুন সিদ্ধান্ত ল’বলগীয়া হয় একোখন সমাজে বা দেশে৷ তেতিয়া এই বিজ্ঞানমনস্কতাৰে আলোকিত মন সহজেই সফল হয় শুদ্ধ সিদ্ধান্ত লোৱাত৷ কিন্তু সম্প্রতি হোৱা কেতবোৰ উৎসৱে, কেতবোৰ আচাৰ-ব্যৱহাৰে এই বিজ্ঞানমনস্কতাৰ বিৰুদ্ধেই বীজ ৰোৱাৰ প্রয়াস কৰিছে৷ সহজ, সৰল ৰাইজৰ একাংশই এনে কু-সংস্কাৰতেই উটি-ভাহি গৈছে৷ এনেবোৰ প্রয়াসে সেয়ে হাতত সাৰে ভৰিত সাৰে এই জাতীয় কু-সংস্কাৰকেই জাতিৰ চেতনাৰ অংশ ৰূপে গঢ় দিছে৷ লগতে আমাৰ উদাৰ সংস্কৃতিক দিশহাৰা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ তাতে আকৌ একাংশ বৈদ্যুতিক সংবাদ মাধ্যমতো এই প্রৱণতাই গা কৰি উঠা দেখা গৈছে৷

 সবোর্পৰি যি সাধনাৰে এটা অঞ্চল বা দেশৰ মানুহে প্রয়োজনীয় সক্ষমতা বা পাণ্ডিত্যৰ আহৰণ কৰে তাৰ ভেটিতেই আঘাত কৰা হৈছে– এনে উৎসৱৰ প্রাচুর্যই৷ তাকে লৈয়ে শংকিত হৈ উঠিছে বিদ্বৎ সমাজখন৷ আটাইতকৈ ডাঙৰ কথা– জাতিৰ এই দোমোজাৰ দিনৰ সন্মুখৰ সমস্যাৰ পৰাই দৃষ্টি আঁতৰাই নিছে এনে উৎসৱবোৰে৷ কাকতালীয়ভাৱে জাতিৰ ওপৰেৰেও আজি বৈছে প্রবল ধুমুহা৷ ভাষাৰ শিপা পর্যন্ত জোকাৰি যোৱা বতাহ৷ সাহিত্য আৰু সংস্কৃতিৰ জগততো বৈছেহি বিতর্কৰ ধুমুহা৷ বৈছে জাতিৰ অস্তিত্বৰেই ভাবুকি হৈ অহা বতাহ৷ ষড়যন্ত্র৷ ভিতৰিও দুর্বলতা আহিছে আমালৈ৷ সৃষ্টিত সদায় উৎকৃষ্টতাৰ পাঠ দি যোৱা আজান- শংকৰদেৱ, জ্যোতি-বিষ্ণু বা সুধাকণ্ঠৰ দেশতে আজি স্খলন দেখিছোঁ গানৰ, নাটৰ৷ জনপ্রিয় সংস্কৃতিৰ নামত বিক্রী হৈছে শিপাহীনতা৷ 

    গানৰ প্রয়োজনীয়তালৈয়ো প্রশ্ন উঠিছে৷ লোকজীৱনৰ উৎসৱে জাতিক সজীৱতা দিয়ে সেয়া সকলোৰে জনা কথা৷ কিন্তু তাৰ উপৰি উৎসৱৰ ঢৌত উটি-ভাহি গৈছে ৰাজ্য৷ অথচ উন্নয়নৰ জখলাৰ তলৰ খুঁটিতেই আছে এতিয়াও ৰাজ্য৷ সমস্যাত জলা-কলা খাইছে ৰাইজে৷ সমাধানৰ বাট বিচাৰি উদগ্রীৱ হৈছে ৰাইজ৷ সেয়ে ইচ্ছা হৈছে– এইবোৰ ধুমুহাই সৃষ্টিশীলতাৰ বৰষুণো আনক৷ কিন্তু ইতিমধ্যেই কৈছোঁ– আক্রান্ত হৈছে জাতীয় সাধনাৰ বাট৷ লাঞ্ছিত হৈছে বিজ্ঞানমনস্কতা৷ অথচ বিজ্ঞানমনস্কতাৰ অভাৱে জাতিক লৈ যাব অবাটে৷ সাধনাৰ অবিহনে এখন দেশ বা জাতিৰ অৱস্থাই হ’ব থাউনি নোপোৱা৷ জহি যোৱা শিপাৰ গছৰ দৰে৷ তেনেহ’লে উত্তৰণ আহিব ক’ৰ পৰা? জাতিটোৰ যে উভৈনদী আৱেগ আছে তাত কোনো সন্দেহ নাই৷ আমাৰ আশা– তাতে যোগ হওক সিদ্ধান্ত লোৱাত সফলতা অনা বিজ্ঞানমনস্কতা৷ যোগ হওক প্রতিভাধৰৰ সাধনা৷ তেনেকৈয়ে সুগম হওক উত্তৰণৰ৷ জাতিৰ, দেশৰ আৰু আনকি বিশ্বৰো৷ ধুমুহাৰ পৰা আটায়ে লগে-ভাগে পাওকগৈ সৃষ্টিৰ লহপহ কর্ষিত পথাৰ৷ এয়ে এই সময়ৰ ইচছা৷ আন্তৰিক ইচ্ছা।

📝হাফিজ বায়েজীদ বোস্তামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)