এইবেলি বহাগ নহৈ বৰবিহ

©Admin
0


         

 

      এইবেলি বিহুটি 

      লগত বৰবিহ আনিছে

     গোহালিৰ গৰু গোহালিতে 

    ঢোলৰ মাত শুনা নাই

   কান্দোনৰ উচপনি মৃত্যুৰ আখৰাত 

  কৰ'না ভাইৰাছৰ নগ্ন তাণ্ডৱ

 শিপিনীৰ তাঁতশালখন নিতাল মাৰি আছে

 ঢোলীয়া ডেকাইও ঢোলৰ মাৰিডাল চাই 

ঢোলত হাত ফুৰাই চকুলো টুকিছে

নাচনীও মুগাৰ সাজযোৰ সামৰি

বাকচ ভৰাই দুটি নয়ন তিয়াইছে

প্ৰকৃতিৰ এনে ভয়ানক ৰূপ কিয় ?

আচলতে ইয়াত কাৰ ভুল 

যাৰ কুফল সকলোৱে ভুগিছে

কি যে সময় আছিল 

যোৱাটো ৰঙালী বিহুত

সুখৰ ঢৌ উঠিছিল 

আজি সেই আনন্দ নাই 

আহঁতৰ বিহুতলীও নিজান 

ধেৎতেৰি এইবেলি বিহু মাৰিবলৈ নাযাওঁ

নোলাবা কোনেও কৰ'না নামৰ শত্ৰুটোৱে

খাপ পিটি আছে পালেই প্ৰহাৰ কৰিব

নাই নাই নোলাবা কোনেও

লকডাউনৰ নিয়ম ভংগ নকৰিবা

কি আছে প্ৰাণ থাকিলেে

আহাটো বছৰত ৰঙালী উৎসৱ পাতিম

আৰু মন প্ৰাণ ঢালি বিহু নাচিম


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)