মিৰ্জাৰ শ্রী শ্রী নিজেশ্বৰী থান -০৩

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা ---ইতিহাস প্ৰসিদ্ধ এই নিৰ্জেশ্বৰী মন্দিৰত প্ৰতি বছৰে শাওন মাহৰ সংক্ৰান্তী আৰু ভাদ মাহৰ এক আৰু দুই তাৰিখে তিনি দিনিয়া বিস্তৃত আৰু বৰ্নাদ্ধ্য কাৰ্যসূচীৰে অতি উলহ মালহেৰে মনসা পূজা উদযাপন কৰা হয় | মনসা শব্দৰ মূল মন | মনৰ সংজ্ঞা আৰু কৰ্ম তথা ফল সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে নামঘোষাত এনেদৰে কৈছে ---
   সত্য অসত্যৰ জড় চৈত্যনৰ
   মাজত যিটো প্ৰকাশে
   তাক বুলি মন
   সেহি সিটো পাৱে
   যি জনে যিটো প্ৰকাশে  |
 ইয়াৰ পৰা বুজিব পাৰি যে মন হৈছে ৰহস্যৰে আবৰা | বুজি পাওঁ পাওঁ যেন লগা অথচ নুবুজা সাথৰ যেন লগাকে মন বুলি কয় | ইয়াৰ প্ৰভাৱ , ইয়াৰ শক্তি অপৰিসীম | সেয়েহে মন সম্পৰ্কে কবিতা লিখি কবিয়েও কৈছে --- 
  মন সম বেগবন্ত কোনো বা কি আছে 
কালে কি কৰিব কাক কোনেনো বুজিছে |
ব্যতপত্তিগত অৰ্থত মনসা হল মনৰ অধিষ্ঠাত্ৰী দেৱী | ইতিহাস প্ৰসিদ্ধ ৰম্য তপোবন সদৃশ আদিত্যভূমি নিৰ্জেশ্বৰী পীঠৰ ঐতিহ্য বহু পুৰণি আৰু বৰ্তমানেও ইয়ে পৰমাৰ্থিক অতীতৰ সাক্ষী বহন কৰি আহিছে | দক্ষিণ কোলৰ মালিয়াটা পাহাৰত অৱস্থিত দেৱী নিৰ্জেশ্বৰীৰ পৰমাৰ্থিক ৰহস্যৰ আদি আৰু ইয়াৰ শক্তিতত্বৰ সংযোগ স্থাপন সম্পৰ্কত ইয়াৰ পুৰাৰ্কীতি , প্ৰাচীন কামৰূপৰ ইতিহাস  ,যোগশাস্ত্ৰ তন্ত্ৰ সাহিত্য সাঁচিপাতৰ সংগ্ৰহ আৰু গৱেষনামূলক অধ্যয়নত বহু তথ্য পোৱা যায় | মা নিৰ্জেশ্বৰীৰ সম্বন্ধ আদিতত্ব দেৱীতত্বৰ লগত জড়িত  |
   আগলৈ 

📝হেমেন হাজৰিকা
       মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)