বহাগে আহিলে পেঁপাটি বাজিলে ঢোলে বোলে ধিন দাং দাও দাও
আমি চেঙেলিয়া মন মতলীয়া ও বিহুগীত এফাঁকি গাওঁ
ভৰলু নদীৰ ভেটিতে, ভেটাপাৰাৰ বিহুতলীতে
আইদেউহঁতে পাতিছে , বিহু এই গধূলীতে
আহিবা দেই নাচিবা দেই
হেঁপাহ পুৰাই মাৰিবা বিহু , নৈৰে যুঁৱলীতে ।
ভৰলু নদী তৰাং হ’ল, বুকু শুকাই খৰাং হ’ল
অলপ বৰষিলে, বানপানীৰে বুৰাই পেলাং হল
চাওতা নাই ৰাখোতা নাই
ৰাইজৰে ঘৰ দুৱাৰবোৰ , চকীৰে দলং হল
তুমিয়ে মুহিলা, তুমিয়ে দহিলা, তুমিয়ে জ্বলালা জুই
তোমাৰ প্রেমত বলীয়া হলো মই , আহিলো বিহুৱা হৈ
ৰংপুৰৰ ৰঙাপাহাৰ দেখিবলে বৰ বাহাৰ
কাষৰে ৰঙা নদীত হেঁপাহ এবাৰ বুৰ মাৰাৰ
ৰঙা নদীলে ৰহদৈ আহিবা গধূলী লাহেকৈ
যৌৱনৰে ৰাগী লৈ দুয়ো সাঁতুৰিম নৈতে গৈ
ৰঙা নদীৰ দাঁতিতে ৰজা ওলাব হাতিতে
ৰঙিলী গাভৰু দেখিলে আজুৰি লব পাটিতে
ৰংপুৰৰ ৰং চাম আমি দুয়ো তালে যাম
আহোতে ৰাতি হলে ৰঙা পাহাৰৰ শতফুল খাম
ৰংপুৰৰ কাহিনী আইতাই কলে তাহানি
ৰঙালী বিহুতে গাই থলো ৩ থোৰতে কথাখিনি ঐ
দুখীয়াৰ কোনো নাই সবে কৰে পেংলাই
খাবলে বহুৱাই, কয় মিঠা তেল নাই
শুদা পঁইতা অকণ, দিহে কয় খোৱা পাই
বিষ্ণুৰে মহিমা বিষ্ণুয়ে জানে আনেনো জানিব কি
বিষ্ণুৰে লগে হৈ বিহু মাৰিবলৈ আহিলো মৰ সাহ দি
লাহে কৈ ঢোল এটি লৈ
তাৰে লগতে ভগা পেটি লৈ
মৰ সাহতে বিহু গামে ঐ
লাগিলে তাতে কিবা কেনা ঐ
লাগিলে কেনা ঐ আমাৰে দায়দোষ
নধৰিবা ঐ নধৰিবা ঐ নধৰিবা ঐ কৈছো হাতযোৰ কৈ
এটকা চাৰি অনা, দিয়া যদি দিয়ানা, নহলে খাম নো কি
বিহুৰে তলীতে নিতৌ গধূলীতে থাকিমে বোন্দা পৰদি
লাহে কৈ ঢোল এটি লৈ
তাৰে লগতে ভগা পেটি লৈ
মৰ সাহতে বিহু গামে ঐ
লাগিলে তাতে কিবা কেনা ঐ
লাগিলে কেনা ঐ আমাৰে দায়দোষ
নধৰিবা ঐ নধৰিবা ঐ কৈছো হাতযোৰ কৈ
চালো বিহু বিহু গালো বিহু বিহু পালোঁ টিহু টিহু
আমাৰ বিহুৰে পৰিলে ওৰ (২)
বিদায় মাগো (২)
কৰি হাত যোৰ
জগৰ কিবা হলে নিদিবা শাও হলে যাব যে অথলে
আমাৰ বিহুৰে পৰিলে ওৰ(২)
বিদায় মাগো (২)
কৰি হাত যোৰ
বাপোতী সাহোনৰ বিহুটি অসমৰ
ওৰকে নপৰে বিহুৰে কথা
সুখেৰে থাকিবা ৰাইজ সমজুৱা ঐ
সুগন্ধী মালতীৰে যেন লতা
গোন্ধে আমোল মোল যেন মালতী ফুল ঐ ৷৷
📝ডঃজ্যোতিষ কুমাৰ দেৱ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ