বৰ্ণিলৰ অন্য এক যাত্ৰা(এটি সৰু আশা)

Rinku Rajowar
0
বহুতে বহুত আশা কৰে।
মন্ত্ৰী MLA হোৱাটো বাদেই পাৰিলে এজন প্ৰধান মন্ত্ৰী হোৱাৰো সপোন দেখে।

বাওনা হৈ চন্দ্ৰলে হাত মেলা মানুহ মই নহয়,
নহয় মই কাৰোবাৰ আশাত চেচাত পানী ধালি মোৰ আশা পূৰ্ণ কৰা বিধৰ।

মোৰ আশা মাথো এজন ভাল মানুহ হোৱাৰ।
এজন  ভাল গায়ক হোৱাৰ।

মোৰ অপূৰ্ণ গান বোৰেৰে অসম বাসীক কিবা এটা 
ভাল উপহাৰ দিয়াৰ।

নাজানো মই মোৰ সপোন বোৰ সাৰ্থক কৰিব পাৰিম নে নোৱাৰিম।

সৰুতে দেউতাক হেৰুৱালো

এতিয়া মাথো মোৰ আশাৰ চাকি বুলিবলৈ এক মাত্ৰ আই গৰাকীয়েই আছে।

মোৰ নামটো হেনো বৰ্ণিল, নাজানো বৰ্ণিল শব্দৰ অৰ্থ কি?
আই পিতাইয়ে মৰমত ৰখা নাম,ভাল লাগে কিবা এটা।

মোৰ সপোন বোৰ ক্ষুদ্ৰ আৰু মনটোও নিস্তব্দ।

শুনিছো জীৱনত দেখা সপোন বোৰত হেনো ঘাট-প্ৰতিঘাট নামৰ নৌকা 
খনে বৰ আমনি কৰে।

ইপাৰৰ পৰা সিপাৰ হ'বলৈ বৰ কষ্ট আৰু আঘাটো পোৱা যায়।

গুৰি বঠা দাল ভালকৈ খামুচ মাৰি ধৰি 
মোৰ মনত পুহি ৰখা এজন সৰু গায়ক হোৱাৰ সেই সৰু আশাটি পূৰ্ণ  কৰিম।

মোৰ মনত পুহি ৰাখিছো এটি সৰু আশা আৰু সেইয়াই হ'ব মোৰ জীৱনৰ 

অন্য এক যাত্ৰা।

বৰ্ণিলৰ অন্য এক যাত্ৰা।
এটি সৰু আশা।

📝দ্বীপ দীপাঙ্কৰ লাহন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)