তৰুণ তোমাৰ নাম

Rinku Rajowar
0
      নাম তৰুণ তোমাৰ 
   অ-প্ৰতিৰোধ্য এক 
   অ-প্ৰতিদণ্ডী সত্তা তুমি  |
   হাঁহিৰে হৃদয় জিনিব পৰা
   য'ত বয়সেও হাৰ মানে
   তেনে আবিৰেৰে ধন্য তুমি
   তৰুণ গগৈ  |

   অধিবক্তাৰ পৰা
   সংসদৰ মজিয়ালৈ
   মসৃণ তোমাৰ অবিৰত যাত্ৰা
   আইন মন্ত্ৰী তুমি ভাৰতবৰ্ষৰ
   ছয়বাৰৰ বিধায়কো তুমি
   স্বনামধন্য মুখ্যমন্ত্ৰী  |
   স্পৰ্শবিহীন তুলাচনীত
   চিৰ তৰুণ
   কাৰণ তৰুণ গগৈ তুমি  |

   নামতো তৰুণ তুমি 
   কামতো তৰুণ
   কথাতো তৰুণ 
   আনকি তুমি বিহিনতাতো
   হৈ ৰ'বা তুমি তৰুণ 
   কাৰণ নাম তোমাৰ
   তৰুণ গগৈ  |

   অনাবিল জীৱন যাত্ৰাৰ
   বৰ্ণিল পৰিক্ৰমাৰে
   আন এক অটল বৃক্ষ তুমি
   সময় সাক্ষী হৈ 
   তোমাৰ গুণকে গাব  |

   আপোচহীন তোমাৰ 
   জীৱন সংগ্ৰাম 
   স্বৰ্ণিল ইতিহাস হৈ 
   তৰুণ হৈ জিলিকি ৰ'বা
   কথা একেটাই
   নাম যে তৰুণ তোমাৰ  |

    📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)