অব্যক্ত

©Admin
0
সূৰ্যাস্তৰ সময়ত তাইৰ উদয় হৈছিল৷
লাহে লাহে শুকলা ঘোঁৰাটো,
তাই চলাবলৈ শিকিছিল৷
গোলাপ ফুলৰ পানচৈ যেন হাঁহিটোৰে
সকলোকে মুগ্ধ কৰি ৰাখিছিল৷
কিন্তু.....
চম্পা ফুলৰ দলিচা যেন অন্তৰখনকো
কোনোবাই চুই গৈছিল৷
অজানিতে তাই কাৰোবাক
ভাল পাবলৈ ধৰিছিল৷
কিন্তু তাৰ উমান কোনেও পোৱা নাছিল,
কাকো দিয়াও নাছিল পাবলৈ৷
সময় সলনি হৈছিল.....
এদিন নিজৰ ভালপোৱাক আনৰ হাতত,
নিজ হাতে তুলি দিছিল৷
ভাগি যোৱা বুকুৰ অনন্ত হাহাকাৰ
কোনেও শুনা নাছিল৷
আৰু তাইৰ মন আকাশৰ সীমা
অসীমতেই হেৰাই গৈছিল৷
~

📝জোনাক নিবিড় বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)