বালিচৰত খোদিত হ'ল
মোৰ হেপাঁহৰ দিনবোৰ
মোৰ বাল্যকালটোত
নাছিল কোনো সুখ-দুখৰ সংজ্ঞা
নাছিল কোনো ধনী-দুখীয়া, উচ্চ -নীচ্চৰ ভাব....
আজিৰ দৰে নাছিল কোনো ধৰ্ম-বৰ্ণৰ বিভেদ
নাছিল স্বাৰ্থপৰতাৰ কোনো ইংগিত।
মোৰ বাল্যকালটোত
মৰমেই মৰম আছিল
আইৰ বোপাইৰ কঠোৰতাতো
ৰঙীণ সপোনবোৰে বাস সাজিছিল
মোৰ ভৱিষ্যতৰ গঢ় দিয়াত
তেওঁলোক ব্যস্ত আছিল
মোৰ জীৱনৰ ৰংবোৰ
বন্ধু -বান্ধৱীৰ স'তে কৰা
তামোলৰ ঢকুৱাৰ টনাটনি খেল,
ৰবাব টৈঙাৰে খেলা ফুটবল
নতুবা চেংগুটি-হেতালিৰে আকাশ সাজিছিল
মোৰ বাল্যকালটোত নাছিল
বৃহৎ অট্টালিকা নিৰ্মাণৰ স্বপ্ন
মোৰ জীৱনৰ পৰা পিতৃ- মাতৃক
পৃথক কৰাৰ চিন্তা
মানুহে মানুহৰ মাজত কৰা বিভেদৰ বীজ........
মোৰ বাল্যকালটো ওভতাই দিয়া
প্ৰেমৰ বালিৰে সাজিম মোৰ জীৱন।
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ