আবেলিৰ এজাক বৰষুণ

Rinku Rajowar
0
এটোপ এটোপকৈ আহি ভৰি পৰিল বহু পানী 
বাটতে তিতি বুৰি মই অতিবাহিত 
কৰিলোঁ এক মধুৰ সময় 
মিঠা মিঠা বলিয়া বতাহ 
তৰু- তৃণ দীপ্তিৰে উজলি উঠিল 
আজি আবেলি এজাক বৰষুণ আহিল
দুৱৰী‌ বনেও আজি প্ৰাণ খুলি নাচিছে 
কৃষ্ণচূড়া জোপাঁও বলিছে 
বহাগীৰ বতৰ , সেউজীয়াৰ নতুনৰূপ 
সকলোতে দৃষ্টি নন্দন 
আজি আবেলি এজাক বৰষুণ আহিল
আবেলি পৰ গৰু জাক লৈ গৰখীয়া উভতিছে 
মনত বহু সপোন লৈ 
উৰ্বৰা ভূমিত দেখিছোঁ , শস্য-শ্যামলাৰ 
এক নতুন হেঁপাহ 
আজি আবেলি এজাক বৰষুণ আহিল
অনেক দিনৰ আশাম্বিত যেন দুৱাৰডলিত 
ধৰিত্ৰীও আজি সান্ত্বনা লভিছে 
জীৱজগতৰ বাবে এইয়া উত্তম সময় 
আজি আবেলি এজাক বৰষুণ আহিল
আজি আবেলি এজাক বৰষুণ আহিল

✍ ৰবীন তচা 
  বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)