আকৰ্ষণৰ সিদ্ধান্ত সফলতাৰ ৰহস্য খণ্ড - ০১

©Admin
0


আকৰ্ষণৰ সিদ্ধান্ত কি ই কেনেকৈ কাম কৰে ইয়াক সংজ্ঞা কি ? এই সকলো প্ৰশ্নৰ উত্তৰ এটা এটাকৈ দি যাম কিন্ত তাৰ আগত কাহিনী এটা কওঁ এজন ছাত্ৰ আছিল সি সকলো শিক্ষা সমাপ্ত কৰি এদিন ভাৱিলে মই  "এতিয়া সকলো বিষয়তে পাৰ্গত কিন্ত যোগজ্ঞান বিষয়টো মই শিকিব লাগিব এতিয়া মোক সেই জ্ঞান দিব পৰা উপযুক্ত শিক্ষক ক'ত পাম " সি তেনধৰণৰ শিক্ষক বিচাৰি ওলাল ৷

বহুতো ঠাইত বিচাৰি বিচাৰি এদিন সি তেনে এজন বিদ্বান শিক্ষক বিচাৰি পাই তেখেতৰ ওচৰত গৈ ক'লে " মহোদয় মই সকলো বিষয়তে পাৰ্গত এনে কোনো বিষয় নাই যি মই নাজানো এটা বাদ দি সেই বিষয়টো হ'ল যোগজ্ঞান গতিকে মই বহুত আশা লৈ আপোনাৰ ওচৰত আহিছো " শিক্ষকজনে ক'লে " হব বাৰু বহাচোন চাহ একাপ খাই লওঁ

তাৰপাছত দেখা যাব এইবুলি কৈ চাহৰ নিৰ্দেশ দিলে কিছু সময়ৰ পাছত চাহ আহি পালে ৷

শিক্ষকজনে এটা কাপ ছাত্ৰজনৰ সন্মুখত ৰাখিলে আনখন

নিজেই ল'লে প্ৰথমে নিজৰ কাপত চাহ বাকী ছাত্ৰজনৰ কাপত চাহ বাকীয়ে আছে কাপ ভৰি বাহিৰত চাহ পৰিবলৈ 

ধৰিলে এই আচৰিত কাণ্ড দেখি কৈ উঠিল মহোদয় গিলাচটো ভৰি গ'ল " শিক্ষকজনে চাহৰ কেটলীটো থৈ ক"লে " তুমি গিলাছৰ চাহ ভৰি পৰাটো দেখিছা কিন্তূ তোমাৰ জ্ঞান ভৰি পৰি থকাটো দেখা নাই " মোৰ কোৱাৰ অৰ্থটো হ'ল যিহেতু তোমাৰ মগজু জ্ঞানেৰে ভৰি আছে গতিকে এতিয়া মই  যদি কিবা শিকাও সেইয়া তোমাৰ মুৰ

ওপৰেদি উৰি গুচি যাব যেনেদৰে মেমেৰী এটা তথাৰে ভৰি

থকাৰ পাছত নতুন তথা ভৰাবলগীয়া হ'লে আগৰ তথাখিনি মচিব পেলাব  লাগিব ৷ গতিকে তুমি প্ৰথমে নিজকে ছাত্ৰ হিচাপে প্ৰস্তুত কৰি আহাগৈ তাৰপাছত মই তোমাক শিক্ষক হিচাপে শিক্ষা প্ৰদান কৰিম ৷

গতিকে বন্ধুসকল আপুনি যদি  "আকৰ্ষণৰ সিদ্ধান্ত " এই বিষয়টি ভালদৰে বুজিবলৈ হ'লে সম্পূৰ্ণ মনোযোগ তথা একাগ্ৰতা , শান্ত মনেৰে পঢ়ি থাকক আপোনাৰ মনত সৃষ্টি হোৱা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সমূহ নিশ্চয় পাব ৷ তেনেহ"লে আহক বিষয়টিৰ ওপৰত চৰ্চা আৰম্ভ কৰোহঁক ৷

               ( আগলৈ )

📝দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)