বগেজাৰী এক অনুপম লোককৃষ্টি-০৫

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা 
সময় পৰিবৰ্তনশীল , সমাজো পৰিবৰ্তনশীল  | তাৰ লগত তাল মিলাই সংস্কৃতিৰো পৰিবৰ্তন হৈ আহিছে  | জনামতে অতীতত মহিলা সকলে মেখেলাখন বুকুত পিন্ধিছিল , ব্লাউজৰ ব্যৱহাৰ নকৰিছিল  | তাৰ পৰিবৰ্তে উকা পিঠিখন ঢাক খোৱাকৈ দদো লৈছিল  | দদো মানে বগা আকৃতিৰ এখন কাপোৰ | পিঠিখন ঢাক খোৱাকৈ ডিঙিৰ আগফালে গাঁঠি দি লৈছিল  | মূৰত কেঠা এখন বান্ধি লৈছিল , তাকে খোপৰং বুলি কৈছিল , ৰঙা ফালিৰে কঁকালত মাৰিছিল  | হাতত বালা খাৰু , ডিঙিত ঢুকঢুকি বা গোল মাদলি , কাণত কৰেয়া সোণ বা ফুটি , নাকত নাক ফুলি ভৰিৰ সু গাঠিত চেলা , বাহুৰ গাঠিত বাজু , কঁপালত পূৰ্ণিমাৰ জোনটোৰ দৰে ৰঙা ফোঁট , সেউজীয়া ৰঙৰ মেখেলাখনত বগা ৰঙৰ দোমাচাকি ফুল বা বিভিন্ন ফুলৰ চানেকি তুলি লৈছিল | পুৰুষ সকলে কামিজ চোলা আৰু পানী গামোছা পিন্ধিছিল  | সময়ৰ সোঁতত এই সকলোবোৰ পোছাক-পৰিচ্ছদ , আ- অলংকাৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল | সেয়ে সচেতন লোক সকলে বগেজাৰী লোক কৃষ্টিৰ জৰিয়তে অতীতৰ আইতাহঁতে পিন্ধা পোছাক--পৰিচ্ছদ ,আ-অলংকাৰ পিন্ধি এজনী বগেজাৰী বাই হৈ নৃত্য কৰিবলৈ আহ্বান জনাইছে  | 
       আমি বহুতে কথাখিনি ভুলকৈ বুজি আছো | বহুৰঙীকে বগেজাৰী আৰু বগেজাৰীকে বহুৰঙী বুলি কওঁ  | গীতৰ ভাবাৰ্থ আৰু বাদ্যযন্ত্ৰ একে যদিও গীতৰ সুৰত , বাদ্যৰ তালত , নাচোনত আৰু পোছাকত পাৰ্থক্য দেখিবলৈ পোৱা যায় | পোছাক-- বগেজাৰী নাচোতে পাতিৰাভা সকলৰ পৰম্পৰা পোছাক পিন্ধি নাচে | যেনে---মাটি সুতাৰে বোৱা সেউজীয়া ৰঙৰ মেখেলা , ৰঙা ব্লাউজ ,ধোঁৱা বৰণৰ খোপৰং , কঁকালত ৰঙাফালি | আনহাতে বহুৰঙী নাচোতে ৰাভা জাতীয় ৰঙীণ পোছাক পিন্ধি নৃত্য কৰা দেখা যায়  | পোছাকৰ এই ব্যৱধানখিনি অনুকৰণ কৰি বগেজাৰী বা বহুৰঙী নাচিলে নিশ্চয় বহুৰঙী আৰু বগেজাৰী ৰাভা জাতিৰ সুকীয়া স্থান দখলৰ অধিকাৰী হ'ব আৰু সুকীয়াকৈ সমল যোগাই জাকত জিলিকা হৈ ৰ'ব  |
  আগলৈ••
             
   📝 হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)