শান্ত হোৱা

©Admin
0

হে মৃত্যু 
শান্ত হোৱা 
শত শত ক'ৰোণাৰ আক্ৰান্ত ৰোগীৰ হৃদয়ে 
কৰিছে হাহাকাৰ 
আত্মীয়জনৰ বিচ্ছেদে লগাইছে তোলপাৰ।
কৰুণ সুৰ তুলি আতৰি গৈছে বহু দূৰলৈ
যিবোৰ দেখি অহৰ্নিশে বৈছে মোৰ চকুলোৰ নৈ ৷
হে   মৃত্যু শান্ত হোৱা 
হে ত্ৰাণকৰ্তা ৰক্ষা কৰা জীৱকূল ৷
তোমাৰ চৰণত জ্বলাইছো বন্তি 
বিচাৰি এধানি শান্তি 
ভয় আৰু শংকাত বাগৰিছে জীৱন
ক'ৰোণাৰ সিক্ত শিহৰণ ।

প্ৰখৰ উত্তাপত জ্বলিছে পৃথিৱী 
শুকাই গৈছে বন বননি 
হৃদয়ে হৃদয়ে কান্দোনৰ ৰোল 
আইৰ অসুখত হিয়া মোৰ উগুল থুগুল।।

দুৰ্বাৰ হেঁপাহবোৰ হেৰাই গৈছে
মৃত্যুৰ বিভীষিকা দেখি - -   
আৰ্তনাদৰ চিৎকাৰ ,সন্তানৰ বিননি 
পতি -পত্নীৰ বিচ্ছেদ ,যৌৱনৰ ভৰ দুপৰত হেৰাই গৈছে বহুজন ৷

হে মৃত্যু হাঁয় হাঁয় ৷
মৃত্যুৰ কোলাহল দেখি হেৰাইছে ভোক পিয়াহ ,কামৰ উচ্ছাহ ।
তথাপিও ৷
তথাপিও  কৰিব লাগিব জীয়াই থকাজনৰ বাবে ,গোটাব লাগিব এমুঠি অন্ন আৰ্তজনৰ  বাবে  ।

হে  কৰুণাময় ৷
সমাপ্ত কৰা মৃত্যুৰ বিভীষিকা
অনাবৃষ্টি ,মহামাৰীত আইৰ বুকু কঁপিউঠে
হয়তো অন্ন মুঠিও হেৰাই যাব ধৰিছে ৷
এইয়াই হয়তো মহাপ্ৰলয় ৷

গৃহবন্দী জীৱন
বহুজনৰ ক্ষুৰ্ধাৰ তাড়না
ঘনে ঘনে মৃত্যুৰ সংবাদ।
এইয়াই নিয়তিৰ কালৰূপ 
আন্ধাৰ চৌদিশে 
অনুতপ্ত হৃদয় 
প্ৰাণ স্পৰ্শ কৰা কৰুণ দৃশ্য
বিষাদগ্ৰস্ত অন্তৰ
ঐক্যৰ চাকিগছি  জ্বলাই বিচাৰিছে শান্তি ।
হে  ঈশ্বৰ   ঢালি দিয়া
মহামাৰী ৰোধৰ শক্তি ৷

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)