দুখবােৰ বৈ গৈছে
কৃষকৰ হৃদয়ত ।
ঘামৰ নদী বোৱাই
খেতি কৰা
ৰঙালাও বিলাহী
ওলকবি কবি বেঙেনাক
কবৰ দিব লগীয়া হোৱাত ॥
খেতিৰ মূলধন
মাটিত মিহলি হ'ল,
আমি ঘামৰ লগত কথা পাতো,
দেহৰ ভাগৰে ডুবাই ৰাখে শৰীৰ
তথাপিও, খেতিৰ সপোন দেখাে ।
পৃথিৱী, তোমাৰ মহিমা বুজাত
টান পাইছাে ।
কি পথেৰে যাম
জীৱনৰ লক্ষ্য পাবলৈ ?
জীৱন সংগ্ৰামত যঁজি যুঁজি
ভাগৰি গৈছাে ।
আৰু পৰীক্ষা নলবা
আমাৰ শক্তিৰ ॥
মৃত্যু নিদিবা,
কৰ্ম কৰি যাম
শেষ তেজ বিন্দু থকালৈকে ॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ