তপত বেলিটো মুৰতলৈ
যাত্ৰা কৰিছিল তেওঁ
জীৱনৰ কঠিন বাটত।
ক্লান্ত পথিক জনে তৃষ্ণাতুৰ হৈ
ছাঁ লৈছিল এজোপা গছৰ তলত।
সেউজীয়া গছ জোপাই
এটা ৰঙা সপোন উপহাৰ দিছিল তেওঁক।
জীৱনৰ মোহ হেৰুৱা মানুহজন
লাহে লাহে উজ্জীৱিত হৈ পৰিছল
ন-কৈ ভাল পাৱলৈ শিকিছিল জীৱনক।
প্ৰতিশ্ৰুতি দিছিল আজীৱন বন্ধুত্বৰ।
এদিন গছজোপা অদৃশ্য হৈছিল
যাক বিচাৰি ভাগৰুৱা হৈ পৰিছিল
তেওঁৰ যাযাৱৰী জীৱন ।
কামি-হাড়ৰৰ তলত কলিজা লুকুৱাই
পথৰ দাঁতিত পৰি ৰৈছিল তেওঁ।
দুখবোৰে উচুপি আছিল
তেওঁৰ দুচকুৰ গাঁতত।
হয়তো , সপোনবোৰে তেতিয়াও
উমলি আছিল
তেওঁৰ বুকুৰ খোৰুঙত।
📝প্ৰবিন দত্ত
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ