মোৰ নিদ্ৰা টুটি আহিছিল
সপোন আৰু দিঠক
একেডাল ৰেখাতে গতি
সমুদ্ৰৰ গৰ্জনত বালিবোৰ ওফন্দি
মোক হেচি ধৰিছিল
সাগৰে অতি সহজে নদীক আকোৱালি নলয়
সময়ে হাত দুখন আগবঢ়াই নিদিলে
দুৰ্দিনত আন্ধাৰে পখিলাবোৰক সাৱটি ৰাখেই
এতিয়া সময় শৰবিদ্ধ হ'লেও শইচবোৰ জী আছে
নিদ্ৰাত বতাহৰ বাট কাটি উশাহ দীঘল কৰি লৈছো
এয়া সময়ৰ মুখামুখি হ'বলৈ সাজু হৈ উঠিছো...
📝ৰীতা গোৱালা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ