আহক এবাৰ নিজক ভালপাওঁ

©Admin
0
আহক এবাৰ নিজক 
   ভালপাওঁ
   আপুনি বাৰু
   ভাল পাইনে আপোনাক
   কিমান ভাল পাই নিজকে
   যদি আপুনি
   আপোনাক ভাল পাই
   তেন্তে কেতিয়াও
   মোক বেয়া পাব নোৱাৰে ৷
   
সময়ে কিমানবাৰ শিকালে
   আপুনি আপোনাক
   ভাল পাবলৈ শিকক
   নিজক ভালপাব নজনাবাবে
   ইমান আহুকাল
   ইমান অথন্তৰ
   তথাপি
   আসন্ন বিপদ জানিও
   পৰা নাই
   শিকা নাই

   নিজক ভাল পাবলৈ
   এবাৰ নিজক
   ভালপাব পাৰিলেই
   ধৰাত পাৰিজাত ফুলিব
   আহকচোন
   এবাৰ নিজক ভালপাই চাওঁ 
               
  📝হেমেন হাজৰিকা
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)