বগা চোলাত ক'লা দাগ নালাগে সানিব
হিয়াৰ যন্ত্ৰণাবোৰো নালাগে বুজিব
হিয়াখনেে যদিহে নিবিচাৰে তোমাৰ
যদিহে তোমাৰ আবেগৰ চকুলো নসৰে ৷
কেতিয়াবা দুপৰৰাতি শুনিবা কুলিৰ বিননি
দুখবোৰে তেতিয়া ধৰিব পাৰে হেঁচি ?
দুখ নাথাকিলে অনুভৱ জানো সৰি পৰে ?
দুহাত খালি নাথাকিলে জানো ভিক্ষা মাগে ?
ভিক্ষা পাত্ৰ উদং বাবে দুহাত মেলি দিলে
নিদিবানে সহাৰি হৃদয়খন জুৰ পৰিবলে ?
ভুল বুলি প্ৰমাণিত কৰিলা
কবিতাৰ সুৰেৰে
বিশ্বাসক মোহাৰি দুভৰিৰেে ।
প্ৰেম স্বৰ্গীয় ৷
সমাজেহে কৰিব পাৰে কলুষিত
হৃদয়ৰ অনুভূতি প্ৰেম পবিত্ৰ ।
মনৰ উমান পালে আতৰি আহিম
চিৰদিনৰ বাবে
উদং কৰি মোৰ ভিক্ষাপাত্ৰ ।
📝 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ