বুঢ়া শিৰীষ

Rinku Rajowar
0
বুঢ়া শিৰীষ দেখিছানে তুমি?
মই বুঢ়া শিৰীষৰ শিপা বিচাৰি আহিছো
বুঢ়া শিৰীষৰ লগত মজবুত হৈ আছে
মোৰ ককাদেউতাৰ হাড়
তাতেই নিহিত হৈ আছে
আইতাৰ দেহৰ মঙহ
বুঢ়া শিৰীষৰ বাউসীত লুকাই আছে
মোৰ ককা-আইতাৰ 
সুখ-দুখ,প্ৰেম-বিৰহ আৰু
অলিখিত অনেক কাহিনী।
পিতৃ- মাতৃ আত্মীয়স্বজন হেৰুৱাই আহি
অসমভূমিত
সেউজীয়া চাহ গছৰ মাজে মাজে
শিৰীষকো লহপহীয়া হাতেৰে তুলি-তালি
ডাঙৰ কৰিছিল ককা-আইতাই
আৰু এটি কলি দুটি পাতত
আঙুলি নচুৱাই ভাগৰি গ'লেই
শিৰীষৰ কোলাত জিৰণি লৈছিল
তাতেই লুকাই ৰাখিছিল হাঁহিবোৰ
আৰু তাৰ ডাল-পাতত ওলমি ৰৈছিল
আশাৰ টোপোলাবোৰ।
শিৰীষৰ লগতেই সুখ-দুখৰ
আদান-প্ৰদান কৰি
পাৰ কৰিছিল ককা-আইতাই
তেওঁলোকৰ জীৱন
তাৰ মাজতেই বিচাৰি পাইছিল
জীৱনৰ ৰহস্য
আৰু তাৰ পৰাই লাভ কৰিছিল
জীয়াই থকাৰ প্ৰেৰণা।
আজি ককা -আইতা নাই
ককা আইতাৰ সুখ-দুখৰ লগৰী
বুঢ়া শিৰীষবোৰো নাই
সকলো সময়ৰ চাকনৈয়াত বিলীন হ'ল
মাথোঁ আছে শিপাবোৰ
আৰু মই তাৰেই অনুসন্ধান কৰিছো
জীৱন মৃত্যুৰ দলিলস্বৰূপ
বুঢ়া শিৰীষত অন্তনিৰ্হিত হৈ থকা
ইতিহাসৰ পৃষ্ঠাত ককা আইতাৰ
স্মৃতি বিচাৰি।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)