তুমিতো জানাই মোৰ ঠিকনা কত..?
তথাপিও ভয়ে ভয়ে খোজ দিছো
আগুৱাই যাবলৈ...
কিন্তু নিয়তিৰ কি যে লিখন
ভৰি দুখন পিছল খোৱাই
পেলালে ফুটপাটত...।।
কোনে বুজিব মোৰ বেথা
কোনে বুজিব মোৰ দুখৰ কবিতা
মইতো জানাই এই উজাগৰী নিশাৰ
পথৰ ভিক্ষাৰী...
তথা জানাই ফটা মলিয়ন কাপোৰ যোৰেই
মোৰ পৰিচয়...।।
মই নাজানো পৃথিৱীৰ ৰেহ-ৰূপ
নাজানো মোৰ কি ভৱিষ্যত
তথাপিও জীয়াই থকাৰ হেঁপাহত
ৰাস্তাই ঘাটে জীৱন কটাও...।।
আজি পথৰ মানুহে মোক হাঁহে
কাৰণ, মই যে ভিক্ষাৰী...
কি জানা...
পেটৰ ভোক মাৰিবলৈ
পাহৰিয়ে পেলাওঁ
যন্ত্ৰনাৰ সাগৰত উঁচুপিবলৈ....।।
আজি যন্ত্ৰণাই বেৰি ধৰিছে
এই ভগা হৃদয়খনক...
ইমান যন্ত্ৰণা নিদিবা মোক
মই শেষ হৈ যাম...
সন্ধিয়া নামি আহিব তেতিয়া
নিশাৰ এবুকু আন্ধাৰৰ সতে...।।
📝শচীন কুৰ্মী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ