সাহস আৰু ভয়

©Admin
0
সাহস থাকিলেহে তুমি
আগুৱাই যাবা
জীৱনৰূদ্ধ সংগ্ৰামত 
তুমি জয়ী হবা ,
সাহসে মুকলাব বাট
সবল কৰিব তোমাৰ দুহাত ।

ভয় কৰিলেহে তুমি 
জীৱন যিনিবা
দুষ্কৰ্মৰ পৰা 
হাত সাৰিবা ,
ৰোষত পৰাৰ ভয়ে
তোমাক সৎ পথত নিব
বাটে বাটে মাথো
শান্তিৰ বাৰ্তা বিয়পিব ।

সাহস আৰু ভয়ৰ
সন্ধিৰে জীৱন গঢ়িবা 
সুখময় জীৱন তুমি
ক্ষণিকতে পাবা ।
                
 📝নবীন চন্দ্ৰ কুৰ্মী
  ( বৰপাম,চতিয়া )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)