মা- এটা মমতাময়ী কৰুণ কাহিনী - ০২

©Admin
0

এনেদৰে দেৱৰ দেউতা নিতৌ সন্ধিয়া আহি ৰাতিপুৱা গুচি যায় ৷ এবছৰৰ পাছৰ পাছত দেৱ স্কুলৰপৰা আহি বেগটো থৈ মাকক মাত লগাই " মা অ মা বহুত জোৰেৰে ভোক লাগিছে খাবলৈ দিয়ক " মাকে গেছ বন্ধ কৰি ক'লে " ভাত বাঢ়ি আছো মুখ হাত ধুই আহাগৈ " দেৱ লৰালৰিকৈ মুখহাত ধুই ডাইনিং টেবুলত আহি বহিল মাকে বাঢ়ি দিয়া ভাতমুঠি খাই মবাইলত গেম খেলাত ব্যস্ত হ'ল এইফালে মাকে পানীৰ কলহটো উঠাবলৈ লওঁতে সঠাৎ অ মা বুলি চিঞৰি উঠিল আৰু পেটত ধৰি বাগৰি পৰিলে দেৱে মাকৰ চিঞৰ শুনি দৌৰি আহিল " মা কি হ'ল মা মাকক যেনেতেনে বিচনাখনত নি শুৱাই বাপেককলৈ ফোন লগাই এগৰাকী তিৰোতাই ফোন উঠাই " কাক লাগে " দেৱে মাকৰ অৱস্থাৰ কথা জনালে মহিলাগৰাকীয়ে কলে " ঠিক আছে মই জনাই দিম বৰ্তমান তেখেত স্নান কৰি আছে বুলি কৈ ফোনটো কাটি দিলে ৷ তাৰপাছত দেৱে ১০৮ গাড়ীলৈ ফোন লগালে আধা ঘণ্টাৰ পাছত গাড়ী আহিল মেডিকেললত লৈ যোৱাৰ পাছত দেৱৰ মাকে পুত্ৰ সন্তান এটাক জন্ম দিলে বাহিৰত ৰৈ থকা দেৱক নাৰ্চ এগৰাকীয়ে আহি ক'লে " দেৱ তুমি এতিয়া দাদা সুন্দৰ ভাইটি এটা পালা মিঠাই খোৱাব লাগিব দেই " নাৰ্চৰ কথা শুনি দেৱ উৎসাহত দৌৰি যায় মাকৰ ওচৰলৈ গৈয়ে  মাকক সাবটি ধৰিলে মা বুলিকৈ সৰু ভাইকক কোচত তুলি মৰম কৰিবলৈ ল'লে ৷ মাকে ক'লে " দেৱ দেউতাক খবৰটো দিলা নাই " দেৱে ক'লে ফোন কৰিছিলো মা কিন্তু এতিয়ালৈকে দেখােন অহাই নাই ক'তনো আহিব নতুন বিয়া পৰাইছে আমাৰ প্ৰতি থকা মৰম সেইজনীকে যাঁচি আছে নাহে বাদ দিয়া " এনেতে ডাক্তৰ আহি ক'লে আপোনালোকে ঘৰলৈ যাব পাৰে " ৷ মাকে ক'লে দেৱ ড্ৰাইভাৰক মাতি দিয়া ঘৰলৈ গৈহে তোৰ বাপেকক ফোন কৰিম " মাকৰ কথামতে দেৱে ফোন কৰি ড্ৰাইভাৰক মাতিলে কিছু সময়ৰ পাছত ড্ৰাইভাৰ আহিল ৷

ঘৰলৈ অহাৰ পাছত মাকে ক'লে " বাপেকক ফোন লগা " দেৱে ফোন লগালে সেই মহিলা গৰাকীয়ে ফোন উঠালে কিছু সময় বাৰ্তালাপৰ পাছত দেৱে ফোনটো কাটি কৰুণ দৃষ্টিৰে একেথিৰে মাকৰ মুখলৈ চাই ৰ'ল ৷

                         আগলৈ 


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)