দক্ষিণ কামৰূপৰ চৌতালী নাম এক চমু অৱলোকন - ০৩

©Admin
0
      দক্ষিণ কামৰূপৰ ৰাজাপুখুৰীৱসত্ৰত পিয়াক নামবিধ (বোকা নাম) শ্রীকৃষ্ণৰ জন্মাষ্টমীৰ সৈতে সংগতি ৰাখি বৰ উলহ মালহেৰে পালন কৰা দেখা যায়  | এই নাম বিধত ভক্তি ৰসৰ লগতে নৱ ৰসৰ সঞ্চাৰ হোৱা দেখিবলৈ পোৱা যায়  |
নামবিধত চহা জীৱনৰ  মধুৰ সম্পৰ্ক বিৰাজমান  | চৈতেলী অথবা চৈতালী নামবিধ গ্ৰাম্য জীৱনৰ লোকবিশ্বাসৰ সৈতে গভীৰ বিশ্বাস প্ৰবাহমান  | গৃহস্থৰ কুশল মংগল কামনাৰে অপায় অমংগল নাশৰ বাবে , নতুন গৃহ প্ৰবেশ , মৃতকৰ  আদ্যশ্ৰাদ্ধ , পুত্ৰ সন্তান হলে ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাজহুৱা হুম নানা উছব পাৰ্বনত নানাবিধ অপৰিহাৰ্য অংগ হিচাবে গন্য কৰা হয়  |
     সাম্প্ৰতিক কালত নৱ প্ৰজন্মৰ লোক সকল ইয়াৰ প্ৰতি আকৰ্ষিত নোহোৱা হ'ল আহৰণ কৰা তথ্যৰ আধাৰত ক'ব পৰা যায় যে বহু বছৰ আগৰে পৰা এই অঞ্চলৰ অতি পিছ পৰা গাঁও ধনতোলাত বাস কৰা হীৰা সম্প্ৰদায়ৰ কিছুলোকে চৌতালী নামৰ খোল টৌকৰ আৰু নাগাৰা চিলাই কৰি জীৱীকা নিৰ্বাহ কৰিছিল  | ইয়াৰ উপৰিও প্ৰয়াত মায়াৰাম নাথ , মহদত্ত নাথ , ৰমাকান্ত নাথ  , ক্ৰমান্বয়ে পিতা-পুত্ৰ আছিল  | কেশৱ চন্দ্ৰ ওজা (বামুণ পাৰা)  প্ৰয়াত মহম্মদ হায়দৰ আলী (হালিগাঁও) ঘমৰু দাস (উপৰহালী) | বৰ্তমান বঙালী কিছু শিল্পীয়ে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা সৰু আকৃতিৰ নাগাৰা খোল  আনি চিলাই কৰা দেখা যায়  | আগলৈ -----

📝হেমেন হাজৰিকা 
       মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)