কঁহুৱা ফুলৰ ভাঁজতে দিছিলো আশাভৰা শুভ্ৰতাৰ মালাধাৰ - -
বৰদৈচিলাৰ বুকুত পথালো দুপৰ নিশাৰ স্মৃতিৰ এফাল - - - - !!
ফাগুনৰ পছোৱাই দুগালত চুমা খাই সযতনে কৰিলে মন মোৰ জীপাল ।
ডাৱৰৰ মাজতে পথালো তোমালৈ নুবুজা সাথৰৰ অনেক ভঁৰাল - - ।
জোনাকীৰ শুভ্ৰ পোহৰত খুলি দিলো
কল্পনাৰ কাৰেঙৰ ৰঙীণ দুৱাৰ - - - !
সপোনে সপোনে মাথোঁ ৰঙীণ ফাকুৰ খেলা
হৃদয়ে হৃদয়ে নিতৌ অহা-যোৱা - -
নদীৰ ঢৌৱে ঢৌৱে পথাইছিলো মৰম নামৰ এখন সঁফুৰা - - ।
ফুলৰ পাহিত সিঁচি পথালো
সৃষ্টি- - -
স্মৃতি নামৰ অবুজ বেদনা - - -
কুলিটিৰ সুৰৰ ঝংকাৰত পথালো হৃদয়ৰ উমাল পৰশ
পমোৱা তুলাৰ আঁহে আঁহে দিছিলো
জীয়াই থকাৰ এখনি সংগীত ।
বুকুৰ ধনলৈ পথালো এবুকু হিয়াভৰা মৰম বুটলি
লয় যদি আঁকোৱালি
ভৰিব মোৰ মন পদূলি !!
📝 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ