মন যায়

Rinku Rajowar
0

মূৰত টুকুৰী লৈ

শিৰিষৰ তলে তলে

তুমি যেতিয়া চাহৰ পাত চিঙা ।


মোৰ  মন যায়

বুঢ়া শিৰিষ হৈ

তোমাক  মন ভৰি চাবলৈ,

চাহ গছৰ কলিটি হৈ

তোমাৰ হাতৰ পৰশত

নিজকে হেৰুৱাই দিবলৈ ।


মন যায়

চাহ বাগানৰ দৰে

তোমাক  ৰ' লাগি চাবলৈ,

তোমাৰ লগত প্ৰেম কৰিব,

সুখে দুখে তোমাৰ হাত ধৰি

জীৱন অতিবাহিত কৰিবলৈ ।

                                     

📝 নবীন চন্দ্ৰ কুৰ্মী  ( বৰপাম, চতিয়া )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)