প্ৰত্যাৱৰ্তন

Rinku Rajowar
0
কলেজত পঢ়ি থকা দিনতে
চিনাকি হৈছিল
এখনি মুখ...
হৃদয়ত থিতাপি লৈছিল...
জন্ম জন্মান্তৰৰ ৰিলেচনশ্বিপ
প্ৰশ্ন কৰিছিলোঁ,
নিজকে
তোমাক ভাল পাওঁ বাবেই তুমি ধুনীয়া 
নে তুমি ধুনীয়া বাবেই তোমাক ভাল পাওঁ...
ঈশ্বৰক সাক্ষী কৰি 
গঢ় লৈ উঠিছিল
প্ৰেম ভালপোৱা
কৃতজ্ঞ হৈছিলোঁ
তোমাৰ প্ৰতিটো কামত
প্ৰতিটো ইনপেৰেঞ্চনত
এতিয়া অতীতৰ
আশা বোৰ ধূলিসাৎ
জীৱন আলি দোমাজাত
কাক কম
গোপন কথা হৃদয়ৰ
সকলোতে মাথোঁ সংশয়
হৃদয়ৰ কোঠালিত
হেচি হেচি
সৈমান কৰি থোৱা
মোৰ অলিক কল্পনা...
কাৰ পৰশত ভাঙিব যে জল্পনা-কল্পনা
হাতৰ মুঠিত আছে মাথোঁ
এমুঠি ৰং
ছটিয়াবৰে নাযায় মন,
উকা কাগজৰ
পৃষ্ঠাত এলন
হৈ পৰি ৰব
শব্দৰ প্ৰতিমা....
ফাদিল নহব ই কিজানি
কুটুৰি কুটুৰি থকা মনৰ কথাবোৰ
বুকুৰ কোণত
সজীৱ কৰি ৰখা কত যে
বিষাদৰ কণিকা
গণি গণি নিশেষ হোৱা প্ৰতিটো ৰজনী
এনেকৈ বুকু শুদা কৰি
পাৰ হৈ কত উজাগৰী ৰাতি
পুৱাতে চকু মোহাৰি
মেঘাচ্ছন্ন আকাশক সুধো
নাহে নাহে
সুখৰ বাতৰি......!!

📝নৃপেন ৰাজোৱাৰ                                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)