এইবাৰ ঘৰতে ৰঙালী বিহু উদযাপন কৰোঁ আহক , খণ্ড - ০২

©Admin
0

ৰঙালী বিহু চ'ত মাহৰ শেষৰ দিনাৰ পৰা আৰম্ভ হয় ৷ এটা সময় আছিল অসমীয়াই ৰঙালী বিহু সাত দিন ধৰি সম্পূৰ্ণ কৃষ্টি অনুযায়ী পালন কৰিছিল ৷ প্ৰতেককে দিনৰে সকীয়া সুকীয়া নাম আছিল সেইকেইটা হ'ল - 

প্ৰথম দিনা গৰু বিহু

দ্বিতীয় দিনা মানুহ বিহু

তৃতীয় দিনা গোঁসাই বিহু

চতুৰ্থ দিনা তাঁতৰ বিহু

পঞ্চম দিনা নাঙলক বিহু

ষষ্ঠ দিনা ঘৰচীয়া জীৱ জন্তুৰ বিহু

সপ্তম দিনা চেৰা বিহু ৷

বসন্ত কালত পালন কৰা হয় বাবে এই বিহুক বাসন্তী উৎসৱ নামেৰেও জনাজাত এই উৎসৱ অসমৰ লগতে ভাৰতবৰ্ষৰ আন আন ৰাজ্যটো বিভিন্ন নামেৰে পালন কৰা হয় ৷ এই সময়চোৱাত প্ৰকৃতিৰ এক মোহনীয় ৰূপ দেখা পোৱা যায় ৷ গছে বনে ন কুঁহিপাত মেলে , ফলে ফুলে জাতিষ্কাৰ . কুলি , কেতেকী , সখীয়তী আদি চৰাইৰ সুমধুৰ

গীতৰ গুণগুণ কবিতাৰ দেশৰ সেই সময়টো ৰহণীয় ৷

গতিকে এই বিহু আন বিহুতকৈ বেছি ৰঙেভৰা সুৱৰ্ণ শ্যামলী ৰূপ সজ্জাৰ  ৰঙালী বিহু ৷

আমি অসম বাসী এই বিহুক বৰপীৰাত বহাই স্বাগতম জনাও বিহু গীতৰ তালে তালে নাচনীৰ ককাল ভঙা নাচ ঢোলৰ ছেৱে ছেৱে ৷ ৷

মোৰ এটি স্বৰচিত কবিতাৰে  আজিৰ খণ্ডটিৰ ইমানতে অন্ত পেলাইছো লগতে জনাও যে কৰ'না ভাইৰাছৰ আতংকৰ সমাপন এতিয়ালৈকে হোৱা নাই যদিও অসম চৰকাৰে নিৰ্দেশ জাৰী কৰিছে যে বিহুৰ দিনাখন প্ৰতেক বিহু কমিটিৰপৰা পাঁচজন সদস্য ওলাই আহি বিহু পতাকা উত্তলন কৰি আদৰৰ ৰঙালী বিহুটিৰ সামৰণি মাৰিবলৈ অনুমতি প্ৰদান কৰিছে গতিকে আহক এইবাৰ ঘৰৰ পৰিয়ালবৰ্গৰ সৈতে ৰঙালী ধেমালি কৰোঁহক  তৃতীয় খণ্ডত " ৰঙালী বিহুৰ সাতবিহু কেনেকৈ পালন কৰা হয় সেই বিষয়ে আলোচনা কৰিম ৷ 


📝দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)