প্ৰকৃতিৰ বাবেই প্ৰকৃতিলৈ বসন্ত নামিছে

Rinku Rajowar
0
প্ৰকৃতিৰ বাবেই প্ৰকৃতিলৈ 
বসন্ত নামিছে 
একে দৰে একে পথে 
বসন্তৰ বতৰা লৈ 
গছবোৰে সলাইছে সাঁজ,
ফুলবোৰ জক্-মকাই 
পৰিভ্ৰমী চৰাইটোয়ে 
এৰি যোৱা স্মৃতি খুচৰি
হেঁপাহৰ গান গাই 
পখিলাবোৰে উলাহতে 
বসন্তক স্বাগতম জনাই ।
লঠঙা ডালত বহি কপৌ পাহে 
মাৰিছে মিঁচিকি হাঁহি
নাহৰে মলিছে কলি
তৰগৰৰ সুৱাসত মতলীয়া 
সন্ধিয়া গাৱৰ পদুলি।
আঊলি-বাঊলি ঘন কলা চুলি মেলি
আহিছে বৰদৈচিলা জনী।
মেঁঘৰ মাদলত বিজুলী নাচে
ন-পানী পৰশত গাভৰু হয় নদী ।
বসন্ত নামিছে ধৰালৈ আজি
একে পথে একে দৰে।
মাথোন
আকাশ বতাহ কঁপাই 
বজা নাই ঢোল
পেঁপাত উঠা নাই উতলা সুৰ  
দুহাতত নাই জেতুকাৰ বুল
গগনাই নিৰলে আছে শুই
টকা আৰু সুতুলিয়ে উচ্-পিচাই কান্দে
বসন্ত কিয় গোপনে আহে…!
প্ৰকৃতিৰ বাবেই প্ৰকৃতিলৈ
বসন্ত নামে 
একে দৰে একে পথে।
মুক্ত প্ৰকৃতি বন্দী মানুহ।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°
📝 প্ৰবিন দত্ত,শিৱসাগৰ
                                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)