তোমাক বিচাৰো হৃদয়ৰ পৰা
বিচ্ছেদৰ বেদনাই বুকুত অগনি জ্বলাই
প্ৰেমৰ দৌৰাত্ম্যই টোপনি খেদাই ।
হাহাকাৰ কৰিলেও অন্তৰে বিচাৰি নাপাই
দুখৰ অশ্ৰুকণাৰ প্ৰতিচ্ছবি দেখা পাই
দাসত্বৰ বান্ধোনৰ মাজত দুচকুৰ ভাষা হেৰাই
স্নিগ্ধ জোনাকে বিৰহৰ চকুলো বোৱাই ।
বিচ্ছেদৰ অগনি নিৰ্ভৃত কোণত জ্বলে
বিষাদৰ ঢৌবোৰে পাছে পাছে খেদে
নিৰ্জনতাৰ আঁৰে আঁৰে দুখৰ চকৰী ঘুৰে
অক্লান্ত পক্ষী হৈ মন উৰা মাৰে ।
বিষাদৰ বিননিয়ে হৃদয় কঁপাই তোলে
ভাগ্যহীন জীৱনে সুৰহীন কৰি তোলে
অতীত মৰহা নাই স্মৃতিৰ পাতনিত
সম্ভাৱনাৰ মাজতে থাকিম
হৈ জিলিঙনি ।
জিঞাঁৰ পাখীৰ দৰে
নাই মোৰ জিলিকনি
অন্তৰৰ কোঁহে কোঁহে ৰাখিম মাথোঁ তোমাৰ ছবি ।
মৃদু শিহৰণ জাগে সৰা পাতে পাতে
মন মোৰ আকুল কৰে
এজাক পলৰীয়া পৱনে ।
পুৱাৰ মিঠা মধু গুঞ্জন শুনি
হিয়া মোৰ আছে অভিমানত উফন্দি ।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ