ৰুণজুন,খণ্ড - ৯

©Admin
0
আবেলি লেটাৰ বক্সটাে দেউতাকে খুলিলে আৰু DFO বৰুণে তেখেতলৈ চিঠি এখন লিখি পথিয়াইছে ৷
  শ্ৰদ্ধাৰ,
  শ্ৰী .........., প্ৰিন্চিপাল,নগাও কলেজ

     প্ৰথমে মােৰ শ্ৰদ্ধা গ্ৰহণ কৰিব । মই অহা মে মাহৰ ২০ তাৰিখে  ৰুণ আৰু ৰিহণৰ বাবে এটা পাৰ্টি দিওবুলি ঠিৰাং কৰিছাে ।
সেয়েহে তেওঁলােক দুয়ােকে  তাৰ আগদিনা  আমাৰ ঘৰ পোৱাকৈ পথিয়ালে সুখী হ'ম ।  আৰু সেইদিনা আপােনালােকৰ পৰিয়ালৰ সকলােকে সেই পাৰ্টিত উপস্থিত হ'লে নথৈ  আনন্দ পাম । অনুগ্ৰহ কৰি খামৰ ভিতৰত থকা নিমণ্ত্ৰণী পত্ৰ তিনিখন  আপােনাৰ দুজন ভাইটি আৰু জোৱাইৰ মােমায়েকক দি দিয়ে যেন । পত্ৰৰ দ্বাৰা নিমণ্ত্ৰণ কৰাৰ বাবে ক্ষমা মাগিছাে।
                      ধন্যবাদ

গুৱাহাতী, ১৯৯০ চন, ১০ মে
স্থান : নিজা বাসভৱন
সময়: দিনৰ ১২ বজাৰ পৰা
           ৰাতি ১০ বজালৈ

ইতিত আপােনালােকৰ
শ্ৰীবৰুণ............. ,গুৱাহাটী

ৰিহণৰ দেউতাকে বিয়ৈৰ চিঠিখন সকলােকে দেখুৱালে আৰু ৰিহণক দায়িত্ব দিলে তই খুৰাদেউ আৰু মােমায়েৰক এই নিমণ্ত্ৰণী পত্ৰকেইখন দিবি আৰু কথাখিনি ভালদৰে বুজাই দিবি । সেইমতে ৰিহণেও বিলােৱা কামতাে কৰিলে ।
 ৰিহণে দেউতাকে দিয়া সিদ্ধান্তত বৰ সুখী হ'ল আৰু আজি বহু দিনৰ পাছত মুখ খুলি হাঁহিলে।
সেইদৰে ৰিহণেও যেন মুকলি মন লৈ এতিয়াৰ পৰা থাকিব পাৰিব তাকে ভাবি আনন্দত
 আত্মহাৰা হ'ল ।
 ৰিহণৰ "মাক ", শুনাচােন  আমিও বােৱাৰীজনী অহাৰ পিছত নিয়ম কিছুমান কৰিব
 লাগিছিল নহয় । কিবা এটা কৰা । মাক আৰু দেউতাকে সিদ্ধান্ত ল'লে যে তিনিদিনৰ ভিতৰত তেওঁলােকে নিজৰ বংশৰ আৰু চা -চিনাকি লােকক মাতি ভােজৰ আয়ােজন কৰিব আৰু সেইমতেই সকলাে কাম আগবাঢ়িল ।  দৰা ঘৰত ন- কইনাই   সেইদিনা সম্পূৰ্ণ কইনাৰ সাজত থাকিব সেই সকলােবােৰ সজোৱাৰ দায়িত্ব ল'লে ৰিহণৰ ভনীয়েক নিৰ্মলাই। বৌয়েকৰ বাবে কি সাজ বা কাপােৰ লাগিব সকলােবােৰ তায়েই যােগাৰ কৰি দিব লাগিব আৰু কৰিলেও । 
১৪ মে'ত দৰাৰ ঘৰত পাৰ্টি।
বিয়াৰ নিচিনাকৈ মন্দপ সজোৱা হ'ল । কইনা অন্ত্যতঃ সুন্দৰী । কোনাে ফালৰ পৰাই কম নহয় ।
 চিনেমাৰ অভিনেত্ৰীতকৈও
সুন্দৰী । পাৰ্টিলৈ অহা সকলােৱে প্ৰশংসা কৰিলে কইনাক । কইনাৰ ৰূপ-গুণ দুয়ােতাই অতুলনীয়। প্ৰায় বিয়া এখন পতাৰ নিচিনাকৈয়ে খুউৱা -বুউৱা হ'ল । নিজৰ সম্বন্ধীয়লােকসকলে  সােণৰ গহণা আৰু পাটৰ কাপােৰ আদি উপহাৰ কইনাক দি গল । ৰিহণৰো ভাল লাগিল কইনাক সকলােৱে মৰম আৰু প্ৰশংসাৰে উপচাই পেলােৱা বাবে । ৰুণৰ বৰ ভাল লাগিল , ঘৰখনে আৰু বংশ পৰিয়ালে আদৰি লােৱাৰ বাবে।
পাৰ্টিৰ মাজতে ৰুণ নিজৰ ৰুমলৈ আহিল আৰু আয়নাখন চাই কাপােৰযােৰ ঠিক কৰি ল'লে । ৰিহণে চেগ চাই আছিল -ইমান ধুনীয়া ৰুণজুনক কাষত  এবাৰ লগ পাবৰ বাবে ,সেইবাবে ৰুমলৈ আহিল  আৰু ৰুমৰ দৰ্জা বন্ধ কৰি দিলে । ৰুণ তোমাৰ ৰূপ মােক পান কৰিবলৈ দিয়া, মই যে কিমান আতুৰ হৈ আছাে তুমি জানানে । আজি মনতাে বৰ ভাল লাগিছে - আহা কাষলৈ, বুলি সাৱতি ধৰিলে আৰু কৈছিল তােমাক আজি অপূৰ্ব্ব সুন্দৰী লাগিছে । মইতাে এইকেইদিন বহুত উগুল- থুগুল মন লৈ আছিলাে ।
আজি মােৰ মন সম্পূৰ্ণ মুক্ত ।  আজি মই তােমাক খুঊব কাষত বিচাৰো- বহুত কাষত । তাৰ পিছত আকৌ দুয়াে মন্দপৰ ফালে খােজ ল'লে......। ভােজলৈ অহা মানুহবােৰক লাহে লাহে বিদায় দিয়া হ'ল । অঙবী -বঙহীয়াে ক্ৰমাত কমিবলৈ লাগিল ।  সকলােৱে শেষত নিজৰ নিজৰ কােঠাত সোমাল । ন - বােৱাৰী ৰুণেহে ৰান্ধনী ঘৰ অলপ চিজিল কৰি আছিল । ৰিহণে ৰুণক নিজৰ কােঠালৈ লৈ আনিলে -নালাগে তুমি কৰিব, বাইহতে
 কৰিব দিয়া ।  দুয়াে নিজ কােঠাত সোমাল ।
ৰিহণ  ৰুণ আহা , তােমাৰ গৰম লগা নাই ? অলপ জিৰণি লােৱা। আজি দিনতাে কষ্ট হৈছে দিয়া ।
এতিয়া তােমাক অলপ মৰম কৰাে..
আহা ৷
আগলৈ

 
📝মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)