কৃষিভিত্তক লোক উৎসৱ বাইখো- ০৩

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা 
প্ৰাকৃতিক নিয়ম মতে প্ৰকৃতিয়েও বছৰত নিজকে এবাৰ সলাই লয় | নৱবৰ্ষৰ আৰম্ভণীৰ লগে লগে এক নতুন ৰূপ ধাৰণ কৰি লয় প্ৰকৃতিয়ে | নতুন বছৰৰ আগমনত জীৱনৰ প্ৰকৃত আনন্দ বিচাৰি পায় | এই নৱবৰ্ষৰ প্ৰাকক্ষণত নৈ , জান ,জুৰিত বৰষুণৰ পানী পৰি খৰালি শুকাই গৈ এই সময়ত উফন্দি উঠে |  নৱ বৰ্ষৰ নতুন পানী পৰি এই সমূহত মাছৰ উজান উঠে | মাছে আনন্দৰ খেলা কৰে |  মানুহৰ মনতো যৌনক্ৰীড়াৰ প্ৰভাৱ বিস্তাৰ কৰে | আমাৰ ধৰ্মীয় গ্ৰন্থ বিভিন্ন পূৰাণত বৰ্ণিত কাহিনী সমূহ অধ্যয়ন কৰিলে পোৱা যায় তেনে ধৰণৰ  বহু কাহিনী | তেনে এক কাহিনী মতে সোভৰী নামৰ এগৰাকী স্বনামধন্য মুনিয়ে এই ব'হাগ মাহতে কৰবালৈ ফুৰিবলৈ যাওঁতে পানীত মাছবিলাকে ৰং মনেৰে সিহঁতে নানা ধৰণৰ খেল খেলি আছিল | সেই দৃশ্য দেখা পাই সোৰভী মুনিয়ে মান্ধাতাৰ জীয়ৰী পঞ্চাশজনীক বিবাহ পাশেৰে বান্ধিছিল | প্ৰকৃতিক প্ৰাণোচ্চল পৰিবেশে বিভিন্ন প্ৰকাৰৰ উদাহৰণেৰে তেওঁবিলাকৰ মনত এক বুজাব নোৱাৰা শিহৰণ যোগাইছিল | তাৰপৰাই এক ইতিবাচক সহাঁৰি লাভ কৰাৰ ইংগিত পোৱা যায় | 
   ৰাভা জনগোষ্ঠীৰ প্ৰধান বাইখো উছব নৃত্য--গীতেৰে ভৰা এক আনন্দদায়ক, আড়ম্বৰপূৰ্ণ আৰু ৰোমাঞ্চকৰ অনুষ্ঠান | ৰাভা জনগোষ্ঠীৰ ভূমিপ্ত্ৰ ভাই বন্ধু সকলৰ সামাজিক অনুষ্ঠান সমূহৰ ভিতৰত বাইখোৱেই হৈছে অতি ডাঙৰ আৰু আডডম্বৰপূৰ্ণ অনুষ্ঠান | প্ৰকৃতিক আদৰণি জনোৱা আৰু শস্য উতপাদনৰ পৰিমান বঢ়াবৰ কাৰণে ভগবানৰ ওচৰত কাকুতি মিনতি আৰু প্ৰাৰ্থনা জনোৱা হয় | এয়াই হৈছে ৰাভা জনগোষ্ঠীৰ বাইখো উছবৰ প্ৰধান কথা  | আগলৈ---
     

  📝হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)