কবিতাৰ দুখ

Rinku Rajowar
0
কবিৰ কলমে লিখি যায়
বেদনা বহুল জীৱনৰ কথা।

কবিৰ কলমে লিখি যায় 
জীৱনৰ উত্থান-পতনৰ কথা ।

কবিৰ কলমে নাজানে 
কবিতাৰ দুখ ।

যেতিয়া কবিতাই 
হিয়া উজাৰি কান্দে,
তেতিয়াহে কবিৰ হুচ আহে
"কবিতাৰ কলিজাৰ", অসুখতো ।

কবিতাই  কলিজাটাে
বুকুৰ পৰা উলিয়াই শুধে
তোৰ কিমান দুখ আছে ?

কবিৰ কলমে নাজানে
কবিতাৰ দুখ কিমান !

📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)