অভিনয়

Rinku Rajowar
0
আৰু কিমান অভিনয় কৰিম তোমাক পাহৰাৰ।
আৰু কিমান অভিনয় কৰিলে তোমাক পাহৰিব পাৰিম।
আৰু কিমান?
অতিতৰ স্মৃতি বোৰে নাজানো বাৰে বাৰে তোমাৰ কথা মনলৈ কিয় আনে।
নাজানো মই অতিতৰ  স্মৃতিয়ে মোৰ মনটোক কি সোঁৱৰাব খোজে।
পাহৰিব নোৱাৰো অ' তোমাক,তথাপি পাহৰাৰ অভিনয় কৰিছো।
আৰু কিমান সহ্য কৰিব মোৰ ঠুনুকা হৃদয় খনে।
অতিতৰ স্মৃতি বোৰ যেতিয়া মনলে আহে
বুকু খন কিবা অবুজ বেদনাই খুন্দা মাৰি ধৰে অ'।
কিমান মধুময় আছিল সেই ফাগুনৰ পছোৱা ব'লা আবেলি বোৰ।
কিমান অন্তৰংগ আছিল আমি দেখা ৰঙীন সপোন বোৰ।
সকলো বোৰ এতিয়া নিস্তব্দ নিমাত।
যেন এক ডাঙিব নোৱাৰা গধূৰ বোজা মূৰত কোনোবাই জাপি হে দিছে।
সচাকৈ বহুত ডাঙৰ বোজা তুমি মোক জাপি দিলা।
মোক দূভৰিৰ দূৱৰি কৰি এৰি থৈ গ'লা।
এতিয়া মাথো বুকুত সাৱতি লৈ জীয়াই আছো 
তুমি দি যোৱা প্ৰেম প্ৰতাঘাট
নাভাহে মোৰ চকুত এতিয়া তন্দ্ৰাৱলী নিশাৰ জোনাকী পৰুৱাৰ চিক্‌মিক্‌নি।
ভাহে মাথো দুচকুত তুমি এৰি  যোৱা সেই নিষ্ঠূৰ সময়।
সচাকৈ বৰ নিষ্ঠূৰ আছিল সেই সময়।
সময়ে সকলো শেষ কৰি গ'ল
তুমি আগুৱাই গ'লা তোমাৰ বাটেৰে
আৰু মই থমকি ৰ'লো এবুকু দুখৰ বোজা বুকুত সাৱতি লৈ তুমি এৰি যোৱা বাটলৈ চাই।
এবাৰো ঘূৰি নাচালা মোলৈ,চিঞৰি চিঞৰি কান্দিছিলো।মোৰ হিয়া ভঙা কান্দোনৰ ৰুণ তোমাৰ কাণত নপৰিলে।
আজিও অপেক্ষিত তোমাৰ বাবে তুমি এৰি যোৱা একে ঠাইতে।
দৰ্শক বিহীন মঞ্চত এজন অভিনেতা ৰূপে।
অভিনয় হা হা হা অভিনয়।।আৰু কিমান,আৰু কিমান দিন অভিনয় কৰিলে তুমি  সুখী হ'বা?

📝দ্বীপ দীপাঙ্কৰ লাহন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)