গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা-০২

Rinku Rajowar
0
যোৱা সংখ্যাৰ পাছৰ পৰা ----
  গ্ৰন্থ হৈছে থুপাই থোৱা ধনৰ নিচিনা | যিদৰে হাতত ধন জমা থাকিলে ইচ্ছামতে খৰছ কৰিব পাৰি ঠিক তেনেদৰে আনে অতি কষ্টকৰি জ্ঞানলব্ধ কথাবোৰ পুথি আকাৰে অথবা গ্ৰন্থ কৰি লিখি থোৱা কথাবোৰ অধ্যয়ন কৰিলে তাৰপৰা মানিক সদৃশ জ্ঞান আয়ত্ব কৰিব পাৰি | বজাৰত অতি মূল্যবান গ্ৰন্থ উপলব্ধ | আমাৰ ডাঙৰৰ লগতে শিশু সকলৰ বাবেও তেওঁলোকৰ জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে বা তেওঁলোকৰ উপকাৰত অহাকৈ অনেক পুথি পোৱা যায় | সেই পুথিসমুহ অধ্যয়ন কৰিলে আমাৰ লগতে শিশুসকলে জ্ঞান লাভ কৰিব পাৰে |
অসমীয়া সাহিত্য ক্ষেত্ৰৰ উজ্বল নক্ষত্ৰ সকলৰ পুথি সমূহৰ পৰা মুকুতা সদৃশ জ্ঞান লাভৰ সুযোগ আমাৰ আছে | শিশু সাহিত্যকে আদিকৰি বিভিন্ন ধৰনৰ পুথি আমি ইচ্ছা কৰিলেই অধ্যয়ন কৰিব পাৰো | তাৰবাবে লাগিব আমাৰ ইচ্ছা আৰু আগ্ৰহ | আমাৰ গৌৰৱ , যাক বাদ দি অসমীয়া সাহিত্যৰ কথা চিন্তা কৰিব নোৱাৰি , যিজন জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন সেইজন নিসন্দেহে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা  তেখেতৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধু , ককা আৰু নাতি লৰাকে আদি কৰি বিভিন্ন জনজাতীয় সাধু ,এই পুথি সমূহৰ পৰা বহু মূল্যবান নীতি জ্ঞান পোৱা যায় | যি আমাৰ শিশু সকলৰ ভৱিষ্যত জীৱনৰ বাবে একোপাত অমোঘ অস্ত্ৰ হ'ব | 
তাৰোপৰি বজাৰত উপলব্ধ বিভিন্ন শিশু আলোচনী যেনে মৌচাক ,প্ৰকাশ, জোনবিৰিকে আদিকৰি অলেখ শিশু সাহিত্য আমি নিয়মিত অধ্যয়ন কৰিলে আমাৰ লগতে আমাৰ শিশু সকলৰো জ্ঞানৰ পৰিসৰ বৃদ্ধি পাব | 
আগলৈ --

   📝হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)