বগেজাৰী এক অনুপম লোককৃষ্টি-০৪

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা----
ৰাভা সম্প্ৰদায়ৰ লোক সকলে মদ খোৱা প্ৰথাটোক আন উচ্চ বংশজাত লোক সকলে হীনমন্যতাৰ চকুৰে চাইছিল  | কিন্তু কালৰ পাকচক্ৰত পৰি সিবিলাকও মদ্যপানত আসক্ত হৈ পৰিল  |
সেয়ে ৰাভাসকলে আক্ষেপ কৰি গাই----
     বগেজাৰী বাই ঐ
      তোৰে গীত গাং
    সকল জাতি মদ খায়
     ৰাভাৰ উঠে নাং  ||
মদ ৰাভা সমাজৰ এক সাংস্কৃতিক বৈশিষ্ট্য, অপৰিহৰ্য অংগ  | কিন্তু ইয়াক সীমিতভাবে ব্যৱহাৰ কৰাটো সমীচিন অন্যথা মূল সমস্কৃতিগত বৈশিষ্টই উদ্ভাৱক সমাজখনক নিঃশেষ কৰি পেলাব পাৰে  | 
     ৰাভা সমাজত দহো বুলি এটা সম্বন্ধ আৰু সম্বোধনসুচক পদ আছে  | এই সম্বন্ধ বৈবাহিকসূত্ৰে হয়  | স্বামী-স্ত্ৰীৰ জেষ্ঠ ভাতৃ-ভগ্নীৰ আৰু কণিষ্ঠ ভাতৃ-ভগ্নীৰ মাজত এই সম্পৰ্ক হয়  | তেওঁলোকে পৰস্পৰে পৰস্পৰক দহো বুলি সম্বোধন কৰে  | এই সম্পৰ্ক অতি মধুৰ  আনকি দুই পুৰুষ মহিলা দহোৰ মাজত প্ৰেমৰ উদ্ৰেক হৈ বিবাহপাশত আবদ্ধ হৈ পৰে  | তেনে মনেচিতে মিলা মহিলা দহোক ডেকা পুৰুষ দহোৱে প্ৰস্তাৱ দিয়ে -----
  আহ ঐ দহো
  পালাই যাং
   মহিলা দহোৱে কয়----
   নাযাং দহো পালাই
    ঘৰত আছে বুৰা বাবা
    হ'ব আলাই বিলাই  ||
    প্ৰেমত পৰি হাবু দুবু খালেও
    নিজৰ জন্মদাতা বৃদ্ধ পিতৃৰ
    প্ৰতি থকা দায়বদ্ধতাৰ বাবে প্ৰেমাস্পদৰ আহ্বানক অস্বীকাৰ কৰিছে  | কি অসীম ধৈৰ্য আৰু সংযম ৰাভা গাভৰুৰ  | কৃষিজীৱী ৰাভাসকল ধুমপানৰ প্ৰতি  আসক্ত  | শালগছৰ শুকান পাতত চাদা মেৰিয়াই খাচেৰেং খায়--- দলে বাঁহৰ হোকাত ----
    শল পাতৰ খাচেৰেং
     দলে বাঁহৰ হোকা
     আমাৰ ফালে নাহিবে
     ৰাখি ফেলাম ধকা  |
গীতটিৰ শেষৰ দুটা শাৰীত কোনো ৰসিক গাভৰুৱে কোনোবা কোনেবা অকলশৰিয়া ডেকাক সকীয়াই দিছে---সাৱধান  | আমাৰফালে অকলশৰে নাহিবা  | কোনো সুন্দৰী গাভৰুৱে প্ৰেমৰ জালত পেলাই ধকা ৰাখোতেও আটক নাই  | আগলৈ -----

           📝হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)