মোৰ অন্তিম লালসা

Rinku Rajowar
0
মই এটি ক্ষুদ্ৰকায় জীৱ
তথাপি এতিয়া এজন 
সৈনিক...

মোৰ অসাৱধানতা 
পৰিয়াল ঘৰ দেশ হ'ব পাৰে
ধ্বংস 

সাৱধানতাত 
দুয়োখন পিঠি ভালে থাকিব
মুদ্ৰাৰ

চকুত পাৰি লোৱা আইনাখনত
জাত পাত ধৰ্ম উচ্চ নীচৰ ধূলিয়ে
বহু যুগৰ পৰা চিতাৰ ছাই হৈ পৰি আছিল

সৈনিকৰ সাজেৰে ধূলিময় আইনাখন মচি দিলোঁ
সিপাৰত দেখা পালো
মোৰ অন্তিম লালসা---জীৱন ।

📝 ৰীতা গোৱালা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)