বিজ্ঞাপন

Rinku Rajowar
0
যিদৰে,
জন্মৰ পাছত কেচুঁৱাক  
খাবলৈ শিকাব নালাগে ,
কেচুঁৱাৰ জন্মজাত প্ৰবৃতি -নিজেই জানে ।

সেইদৰে,
"নগ্নবস্ত্ৰ পৰিহীতা নাৰী" ,
তোমালোকে কাপোৰ পিন্ধিবলৈ
শিকোৱাৰ প্ৰয়ােজন নাই,
এনেয়ে জানে ।

হেই নিৰ্লজ্জ নাৰী সকল
তোমালোকেই নাৰীৰ নামত কলংক
সতী সাধ্বী নাৰীসকলৰ আকাশ বতাহ
কলুষিত কৰিছা ।

অন্তৰ্বাস পিন্ধি
বিজ্ঞাপনৰ দিবলৈ আহিছা (!)
নগ্ন হৈ অন্তৰ্বাস  পিন্ধিবলৈ শিকাইছা ।
ছিঃ ছিঃ ।  
তোমালােকে শিকোৱাৰ কোনো প্ৰয়ােজন নাই । 
আৰু নাপালা বিজ্ঞাপন দিবলৈ !!
অৰ্থহীন বিজ্ঞাপন -সেইবােৰ ।

নাৰীজাতিৰ সন্মানবোৰ ধুলিসাৎ কৰিলা।
অৰ্ধনগ্ন হৈ 
ভাই -ককাই -পিতাৰ আগত
কেনেকৈ ওলাব পাৰা -নগ্ন দেহ লৈ ??
সেই সকলক ধিক্কাৰ দিও 
নগ্নতাৰ পোহাৰ মেলা নাৰীক ।

সেই নগ্নতা দেখি
অপদস্থ হও ।
অকল ধনৰ বাবে 
দেহৰ মুক্ত প্ৰদৰ্শন -
ঘৃণা উপজে ।

পুৰুষ নগ্ন নহয় ।
এচাম নাৰীহে নগ্ন ।
আজিকালি বােলছবিত
কোনাে চেঞ্চৰ নাই ।
চেঞ্চৰৰ নামত শূণ্য ।

হকে বিহকে
যতে ততে
১০ শতাংশ বস্ত্রৰে
পৃথিৱীৰ বতাহ কলুষিত কৰিছে ।

ওলাবনে যুৱতী এচাম
নগ্নতাৰ বিপৰীতে যুঁজিবলৈ ।

নেলাগে তোমালোকে 
বিজ্ঞাপন দিবলৈ !
ধিক ! 
তোমালােকৰ বিজ্ঞাপন ।
সেই বিজ্ঞাপনবােৰ বন্ধ কৰা ।
তেনে বিজ্ঞাপন আমাক নালাগে ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)