উৰুঙা বহা'গ

Rinku Rajowar
0
বহা'গ এইবাৰ তোক ঢোল, তাল,পেপাৰে অথবা গগনাৰে আদৰিব নোৱাৰো।

আদৰিব নোৱাৰো আলফুল কৈ ফুলা সেই কপৌ ফুল পাহ।

তই বেয়া নাপাবি  বহা'গ

তইটো জান দেশৰ কৰুণ কাহিনী।
সকলো হ'ব ধৰিছে পৰিণত শ্মশানলৈ।
মনৰ আশা মনতেই চেঁচা পৰি ৰ'ব।

আই এশ এটি কাঠিৰে বছা গুটি ফুলৰ গামোচা খন এইবাৰ কাটিব নালাগে দে।

কাটিব নালাগে ভণি মৰমৰ টঙালি খন।

আল্‌ফুলকৈ বেৰত আৰি থোৱা এলান্ধো লগা ঢোলটো 

তেনেকৈয়ে থাকিবলে দে আই।

ঢোলৰ মাত শুনি পদূলিলৈ দৌৰি যোৱা নাচনি জনী 

থমকি ৰ'ব চোতালৰ মুখতে।

কুলিটি তই ছাগে এইবাৰ বৰ বিৰহে বিনাবি।
একো নহয় দে এই বাৰ তেনেকৈয়ে বিনা।

ৰঙালীও হ'ব এইবাৰ কঙালীৰ দৰে উৰুঙা।

হেঁপাহৰ বহা'গ এইবাৰ হ'ব বিষাদৰ বহা'গ।

বিহু নহয় এইবাৰ
হ'ব বৰ বিঁহ

দ্বীপ দীপাঙ্কৰ লাহন।
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)