কপৌফুল ফুলা সময়ত

Rinku Rajowar
0
নৈখনৰ ওপৰেৰে ৰাতি নামে
কপৌফুল ফুলা সময়ত
লতা এডালৰ বাটেৰে সপোন আহে
সৰপাতৰ দলিচা গছকি
মই বিষন্ন,মই নিসংগ
তুমি অবিহনে আৰ্তজৰ শূন্য,
সেউজীয়া নৈ খন বৈ থাকে প্ৰেমৰ
বহুৰাতি কোনে আহি গুনগুনাব সুৰ চিফুংঙৰ?
চকুলো সৰে গাৰুৰ গিলিপত
সোনালী দিন হৃদয়ৰ কেনভাছত
বিষাদ বুকুৰে নিশা বাগৰে
তোমাৰ ছবিয়ে মোক লৈ যায় 
সপোনৰ দিঠক বাটেৰে
আকাল মনত তোমাৰ 
মেঘবোৰ দেখুৱাই যে কৈছিলা' সৌৱা চোৱা
যেন এখন সাগৰ
মই যে কৈছিলো মই ভালপাওঁ প্ৰকৃতি 
দুইওঁঠত তোমাৰ ডালিমফুলীয়া হাঁহি
ক'ত হেৰাল দিনবোৰ
কৃষ্ণচুড়াৰ দুপৰীয়াবোৰ 
সম্প্ৰতি আমাৰ পুখুৰীপাৰৰ গছবোৰত 
নতুন দিনৰ পতাকা
গাঁৱবোৰত ঢোলৰ মাত
নাচনিৰ খোজত উন্মাদ বতাহ
আহিবানে গধুলি?
নাচিবানে তুমি ঢোলৰ চেওঁত!
মই চায়েই থাকিম,চায়েই থাকিম
তোমাৰ ওঠৰ সেউজীয়া ৰাগি,জেতুকা ফুলীয়া দুহাত
গাত মুগাৰ মেখেলা, যেন তুমি হালধীয়া সৰিয়হ এডৰা
ক'ত যে কি হৈ গ'ল.....
হৃদয়ত শেল এপাত ৰ'ল
দুহাঁত মেলি ল'ব খোজো আকোৱালী
নোৱাৰো...তুমি যে সোঁৱৰণি
শেতেলিত সোণটিহত গভীৰ টোপনিত 
ওচৰৰ বিহুৰ কৰ্মশালাত পেপাৰ মাত
সোণমইনাৰ সতে ৰাতিপুৱা যাম তাত
সিহঁত বৰ মৰম লগা হৈছে অ'
যাব খুজিও নোৱাৰো তোমাৰ ওচৰলৈ 
মই অবিহনে সিহঁত শূন্য
আৰুনো কি ক'ম?
সোণমইনা জাগিল, মাত শুনি
দেখো বিচনাত মই
মোৰ জীৱনত সুখবোৰ মাথো 
সৌ বৈ যোৱা আপোন পাগ্লাদিয়া খনিহে যেন ৷

📝প্ৰণৱ খাৰজাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)