ছিপাঝাৰ কলেজৰ ৰাখী ডেকা

©Admin
0


ছিপাঝাৰ কলেজৰ ৰাখী ডেকা কেনে আছা তুমি?নিশ্চয় ভালে আছা।
আশা কৰো আগলৈও যেন ভালে থাকা।
তোমাৰ সেই ক'লা দীঘল চুলি টাৰিয়ে মোক আজিও আমনি কৰে অ'।

আমনি কৰে তোমাৰ সেই গুলপীয়া দুগালে।
নাযাবা উলাই তুমি ৰাখী সন্ধিয়া সময়ত তিনিআলিৰ চকলৈ।
সুৰাৰ ৰাগিত মাতাল হৈ এচাম ভণ্ড যুৱকৰ তাত আড্ডা বহে।

যি আড্ডাৰ মাজত চ'লে অশ্লীল ভাষাৰ গোপন আলোচনা।
হয়টো কাৰোবাৰ কুমলীয়া জীৱন ধ্বংস কৰাৰ।
ৰাখী তুমিটো জানাই মই এজন প্ৰেমিক চৰাই।

তোমাৰ অভিমানৰ পুখুৰীত মই বুটলিব খোজিছো এটি দুটি দৰিকণা মোৰ মনৰ একুৰিয়ামত সজাবলৈ।
তুমি কি ভাল পোৱা ৰাখী বাৰ্গাৰ,পিজ্জা নে KFCr চিকেন পকড়া।

মই কিন্তু নিচা কৰি ভাল পাও,তোমাৰ প্ৰেমৰ নিচা।
তোমাৰ প্ৰেমত মই এজন বলিয়া দেৱদাস,মাথো তোমাৰ প্ৰেমৰ বলিয়া দেৱদাস।
কাবৌ কৰিছো ৰাখী নাযাবা তুমি উলাই সন্ধিয়া সেই তিনিআলিৰ চকলৈ।

সুধিবা কেতিয়াবা কাৰোবাক কিমান অৱলা নাৰী উলংগ হ'ল সেই তিনিআলিত বহি থকা উদ্যণ্ড যুৱকৰ হাতত।
আন্ধাৰৰ সুযোগ লৈ মানুহৰ মুখা পিন্ধা সিহঁত বোৰ হৈছে একো একোটা নৰপিশাচ।
হাঃহাঃহাঃ।
আৰু মই তোমাৰ প্ৰেমত মাতাল হৈ ঘূৰি ফুৰা এটা বলিয়া দেৱদাস।

দ্বীপ দীপাঙ্কৰ লাহন।
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)